ৰঙালী বিহুৰ প্ৰাকক্ষণত ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

0 268

ৰঙালী বিহুৰ প্ৰাকক্ষনত অসমৰ মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই ৰাজভৱনত অসমৰ ৰাজ্যপাল অধ্যাপক ড° জগদীশ মুখী সপত্নী প্ৰথম মহিলা প্ৰেম মুখী সাক্ষাৎ কৰি ফুলাম গামোচাৰে ওলগ আৰু শুভেচ্ছা জ্ঞাপন কৰে। ৰাজ্যপাল গৰাকীয়ে মুখ্যমন্ত্ৰীক ফুলাম গামোচাৰে আদৰণি আৰু ৰঙালী বিহুৰ শুভেচ্ছা জনাই৷
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী গৰাকীয়ে কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ অনিল গোস্বামী সহ তেওঁৰ পত্নী ড° অলকা গোস্বামীৰ শিলপুখুৰীৰ গৃহত গৈ তেখেতসকলৰ স্বাস্থ্যৰ বুজ লয় আৰু বিহুৰ সেৱা আৰু শুভেচ্ছা জ্ঞাপন কৰি দীৰ্ঘায়ু কামনা কৰে৷

Leave A Reply

Your email address will not be published.