ৰঙিয়াত উপস্থিত নামনি অসম সংমণ্ডলৰ আয়ুক্ত-সচিব -এ আৰ অ’ বি এল অ’ সকলৰ সৈতে পৰ্যালোচনা সভা নাৰ্লিকাৰৰ

0 253

নামনি অসম সংমণ্ডলৰ আয়ুক্ত- সচিব তথা ভোটাৰ তালিকাৰ পৰ্য্যৱেক্ষক ড০ জয়ন্ত নাৰ্লিকাৰে, ভা: প্ৰ: সে:, ৰঙিয়া নিৰ্বাচন জিলাৰ ‘বিশেষ সংক্ষিপ্ত সংশোধনী’ ২০২২’ ৰ বুজ লোৱাৰ উদ্দেশ্যে জিলা নিৰ্বাচন বিষয়া তথা ৰঙিয়া মহকুমাৰ মহকুমাধিপতি স্বপ্নীল পাল, ভা: প্ৰ: সে:,ৰ উপস্থিতিত ১৪ ডিচেম্বৰত ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত সহকাৰী ৰিটাৰ্ণিং বিষয়া, বি এল্ অ’ চুপাৰভাইজাৰ আৰু বি এল্ অ’ সকলৰ সৈতে এক পৰ্যালোচনা সভাত মিলিত হয়। সভাৰ আৰম্ভণিতে ফুলাম গামোচা, জাঁপি, শৰাইৰে আয়ুক্ত-সচিব গৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰঙিয়া নিৰ্বাচন জিলাৰ ভোটাৰ তালিকাৰ সংক্ষিপ্ত সংশোধনীৰ সামগ্ৰিক কাম-কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত আয়ুক্ত -সচিব গৰাকীৰ সন্মুখত সাৱলীলভাৱে উপস্থাপন কৰে জিলা নিৰ্বাচনী বিষয়াই । সভাত আয়ুক্ত-সচিব গৰাকীৰ ষ্টাফ অফিচাৰ দেৱজিৎ বৰুৱাকো সম্বৰ্ধনা জনোৱা হয়। এই পৰ্যালোচনা সভাত ৫৭-ৰঙিয়া বিধানসভা সমষ্টিৰ সহকাৰী ৰিটাৰ্ণিং বিষয়া তথা ৰাজহ চক্ৰ বিষয়া লীণা কুমাৰী পাৱে, ৫৬-কমলপুৰ বিধানসভা সমষ্টিৰ সহকাৰী ৰিটাৰ্ণিং বিষয়া তথা ৰাজহ চক্ৰ বিষয়া পৰীক্ষিৎ ফুকন, নিৰ্বাচন বিষয়া ড০ নীল হৰিৎ কৌশিক, মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মাও উপস্থিত থাকে। সভাৰ অন্তত আয়ুক্ত -সচিব নাৰ্লিকাৰে জিলা নিৰ্বাচনী বিষয়া তথা মহকুমাধিপতি (অসামৰিক) পাল আৰু অন্যান্য বিষয়াসকলৰ সৈতে ৰঙিয়া নিৰ্বাচন জিলাত স্থাপন কৰা ভোট গ্ৰহণ কেন্দ্ৰৰ আন্তঃগাঁথনিৰ বুজ লয়।
বাতৰি যুগুতালে দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.