ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালক বিদায় সম্ভাষণ-প্ৰশংসাৰে উপচাই দিলে বিষয়া-কৰ্মচাৰী সকলে

0 185

অসম চৰকাৰৰ বিত্ত বিভাগৰ উপ- সচিব পদলৈ পদোন্নতি সূত্ৰে বদলি হোৱা মহকুমাধিপতি তথা শেহতীয়া ভাৱে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰা স্বপ্নীল পালক আজি ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী সকলে উষ্ম বিদায় সম্ভাষণ জনায় । মহকুমাধিপতি হিচাপে দায়িত্বভাৰ লোৱাৰ পাছত নিজস্ব উদ্ভাৱনী চিন্তাৰে বিভিন্ন জনহিতকৰ কাৰ্যপন্থা গ্ৰহণ কৰি ৰঙিয়া বাসীৰ মাজত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা পালক বিদায় সম্ভাষণ জনোৱাৰ বাবে আজি মহকুমাধিপতি কাৰ্য্যালয়ৰ সভাকক্ষত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়।সহকাৰী আয়ুক্ত চম্পক ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত পালে বিগত ডেৰটা বছৰত লাভ কৰা বিষয়া-কৰ্মচাৰী সকলৰ সহযোগিতা আৰু ৰঙিয়া বাসীৰ অকুণ্ঠ মৰম শ্ৰদ্ধাৰে স্মৰণ কৰে । সাৰুৱা ভাষণত তেখেতে বিভিন্ন কাৰণত কাৰ্য্যালয়লৈ অহা ৰাইজৰ প্ৰতি সদায় মৰ্য্যদা সম্পন্ন ব্যৱহাৰ কৰিবলৈ বিষয়া-কৰ্মচাৰী সকলৰ প্ৰতি আহ্বান জনায়। উল্লেখ্য যে, বিধানসভা নিৰ্বাচন, ক’ভিড কালীন পৰিস্থিতিত সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰা পালে বিশেষ ভাৱে সক্ষম সকলৰ উত্তৰণৰ বাবে ‘হেঁপাহ অভিযান, প্ৰশাসনিক প্ৰতিযোগিতা মূলক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীক সক্ষম কৰি তুলিবলৈ ‘ আৰোহণ’ নামৰ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্য্যসূচী আদি নিজাববীয়া চিন্তাধাৰাৰে বহু কৰ্মসূচী হাতত লৈছিল । মহকুমা তথ্য আৰু জনসংযোগ বিষয়া হেমন্ত কুমাৰ শৰ্মাই উদ্দেশ্য বাখ্যা কৰা এই সভাত সহকাৰী আয়ুক্ত অম্লান বৈশ্য, নিৰ্বাচন বিষয়া ড০ নীল হৰিৎ কৌশিক, উপ-পঞ্জীয়ক মনজিৎ কুমাৰ দাস, কোষাগাৰ বিষয়া, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰিদৰ্শক আদিয়ে তেখেতৰ বিগত দিনৰ কৰ্মৰাজিক ভূয়সী প্ৰশংসা কৰাৰ লগতে মহকুমা প্ৰশাসনৰ কৰ্মচাৰী সকলে তেখেতৰ সান্নিধ্য লাভৰ সোঁৱৰণ কৰি আবেগিক হৈ পৰা পৰিলক্ষিত হয় । ইফালে, ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি হিচাপে আজি স্থলাভিষিক্ত হয় ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লীণা কুমাৰী পাৱে ।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.