ৰঙিয়া পৌৰসভাৰ শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন

0 251

আজি ৰঙিয়া সমষ্টিৰ অন্তৰ্গত ৰঙিয়া পৌৰসভাৰ শপত গ্ৰহণ অনুষ্ঠানটি সুচাৰু ৰূপে সম্পন্ন হয়। বিগত ৬ মাৰ্চত অনুষ্ঠিত হৈ যোৱা ৰঙিয়া পৌৰসভাৰ নিৰ্বাচনত বিজয় প্ৰাৰ্থী সকলক বুধবাৰে ৰঙিয়াৰ ঐতিহ্য মণ্ডিত হৰদত্ত বিৰদত্ত ভৱন প্ৰাংগণত ৰঙিয়াৰ ভাৰপ্ৰাপ্ত মহকমাধিপতি ৰাহুল জাভীৰ সুৰেশ আৰু ৰঙিয়া পৌৰসভাৰ কাৰ্যকাৰী বিষয়া চম্পক ডেকাৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠান সম্পন্ন হয়। বিগত ৯ মাৰ্চত ঘোষিত হোৱা ৰঙিয়া পৌৰসভাৰ নিৰ্বাচনৰ ফলাফলত বিজেপি অগপ মিত্ৰ জোঁটৰ ৮ জন প্ৰাৰ্থীয়ে আৰু কংগ্ৰেছ দলৰ ২ জন প্রার্থী বিজয় লাভ কৰিছিল। সেইয়ে আজি ৰঙিয়া পৌৰসভাৰ ১০ প্ৰাৰ্থীক শপত পাঠ কৰোৱা হয়। এই শপত গ্ৰহণ অনুষ্ঠানটোতে ৰঙিয়াৰ পৌৰপতি হিচাপে ১ নম্বৰ ৱাৰ্ডৰ বিজয় প্ৰাৰ্থী অমৰেন্দ্ৰ লহকৰ আৰু উপ পৌৰপতি হিচাপে ৮ নম্বৰ ৱাৰ্ডৰ বিজয় প্ৰাৰ্থী বিদ্যুৎ ডেকাক নিৰ্বাচিত কৰি দায়িত্ব অৰ্পণ কৰে। উক্ত অনুষ্ঠানত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ভাজপাৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ৰঙিয়া পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতিক আৰু সকলো ৱাৰ্ড সদস্যক মিলিজুলি কাম কৰি সমষ্টিৰ উন্নয়ন সাধন কৰিব বুলি মন্তব্য কৰে। অনুষ্ঠানটিত বিধায়ক গৰাকীয়ে পৌৰপতি আৰু উপ পৌৰপতিক ফুলাম গামোছাৰে সম্বৰ্ধনা আৰু অভিনন্দন জ্ঞাপন কৰে।

ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাৰ ৰিপৰ্ট

Leave A Reply

Your email address will not be published.