ৰঙিয়া ৰাইজমেলৰ বাৰ্ষিক উৎসৱ সফলতাৰে সমাপন

0 177

প্ৰতিবছৰৰ দৰে এইবেলিও ৰঙিয়া ৰাইজমেলৰ বাৰ্ষিক উৎসৱ ঐতিহ্যমণ্ডিত ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱন প্ৰাংগণত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয়। উৎসৱৰ আৰম্ভণিতে শ্বহীদ স্মৃতি স্তম্ভত বন্তি প্ৰজ্বলন, শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰাৰ উপৰিও সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত হয়। ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাই সভাপতিত্ব কৰা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড: ব্ৰজেন্দ্ৰ শইকীয়াই ভাষণ আগবঢ়ায়। ৰঙিয়া ৰাইজমেলৰ সম্পাদক পবিন কলিতাৰ দ্বাৰা সম্পাদনা কৰা ‘ভাস্কৰাব্দ তেৰশত ৰঙিয়া ৰাইজমেল’ নামৰ এখনি স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়।যোগাচাৰ্য জ্যোতিষ কলিতাই আঁতধৰা কাৰ্যক্ৰমটোত মুক্তি যোদ্ধা কৃষ্ণ লহকৰ, অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ কমলেশ চৌধুৰী,দীনেশ গোস্বামীৰ লগতে সমিতিৰ বিষয়ববীয়া আৰু স্থানীয় লোক সকলে অংশগ্ৰহণ কৰে।
বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.