ৰাজপথত পৰিবহণ বিভাগৰ অপাৰেচন কুৰুক্ষেত্ৰ আৰম্ভ

0 177

অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত অসমৰ বিভিন্ন ঠাইৰ লগতে কামৰূপ মহানগৰ জিলাতো আজিৰে পৰা “অপাৰেচন কুৰুক্ষেত্ৰ” নামাকৰনেৰে ব্যাপক অভিযান আৰম্ভ হৈছে। যোৱা দিনবোৰত যিসমূহ যান-বাহনে যাৱতীয় নথি-পত্ৰ নৱীকৰণ নকৰাৰ লগতে কৰ-কাটল আদায় নিদিয়াকৈ সম্পূৰ্ণ অন্যায়, অনিয়মৰে ৰাজপথত চলি আছে সেইসমূহক উচিত শিক্ষা দিবলৈকে মহাভাৰতৰ কৌৰৱ-পাণ্ডৱৰ মাজৰ ন্যায়-অন্যায়ৰ যুঁজৰ লেখীয়াকৈ পৰিবহণ বিভাগে আজি ৰাজপথত আৰম্ভ কৰে “অপাৰেচন কুৰুক্ষেত্ৰ”। উল্লেখ্য যে, যান-বাহনৰ নথিপত্ৰ নৱীকৰণ আৰু যাৱতীয় কৰ পৰিশোধৰ বাবে যোৱা ৩১জানুৱাৰীলৈ চূড়ান্ত সময়সীমা ঘোষণা কৰি পৰিবহণ বিভাগে বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো বিভাগৰ নিৰ্দেশনালৈ অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি গুৱাহাটী মহানগৰীত ১৮০ কোটিতকৈয়ো অধিক টকাৰ যানবাহন কৰ আদায় নিদিয়াকৈ
বহু ব্যক্তিগত, বিলাসী বাহনৰ লগতে বিভিন্ন ব্যৱসায়িক, বহুজাতিক কোম্পানীয়ে ৰাজপথত চূড়ান্ত মদগৰ্বীতাৰে যানবাহন চলাই আছে ৷
সেয়ে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ সবল নেতৃত্বত জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ সক্ৰিয় অংশগ্ৰহণ তথা উপস্থিতিত অবিভক্ত কামৰূপ জিলাৰ ফালৰ পৰা এনফৰ্চমেন্ট বিষয়া লক্ষী বৰগোহাই, মোজাম্মিল হুছেইন, গজেন হাজৰিকা, এমভিআই অমৰ জ্যোতি বৰুৱা, জয়সিং ৰফাৰকে ধৰি এনফৰ্চমেন্টৰ বৃহৎ বাহিনী আজিৰ এই অভিযানত মিলিত হৈ প্ৰতিনিয়ত ৰাজ্যৰ ৰাজপথলৈ দুৰ্ঘটনা-দুৰ্যোগ মাতি অনা আইন ভঙ্গকাৰী বাহনৰ বিৰুদ্ধে সদলবলে অভিযানত নামে৷
অভিযানকালত আজি ৪০খনৰো অধিক বাহন জব্দ কৰাৰ লগতে যানবাহন আইনৰ অধীনত বিভিন্ন গোচৰ ৰুজু কৰা হৈছে। বহুতেই নতুন বাহন ক্ৰয় কৰি কেইবামাহলৈকে নম্বৰ প্লেট অবিহনেই গাড়ী চলাই সুৰক্ষিত যাতায়াত ব্যৱস্থালৈ ভেঙুচালি কৰা কাৰ্যও ধৰা পৰে। আজি মহানগৰীৰ খানাপাৰাকে ধৰি যোৰাবাট, সোনাপুৰত অভিযান তীব্ৰতৰ কৰি ক্ষেত্ৰীৰ পৰা ৰঙীয়া, দক্ষিণ কামৰূপ হৈ বকোলৈকে অভিযান চলাৰ কথা কয় ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে। অভিযান সন্দৰ্ভত সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে উল্লেখ কৰে যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা বাহাল ৰখাৰ বাবে বিভাগসমূহক নিৰ্দেশনা দি কয় যে সুৰক্ষিত যাতায়াতৰ বাবে কোনো ধৰণৰ আপোচ নকৰে ৷ আপোচ নকৰাৰ প্ৰথম আৰু প্ৰধান চত্তটোৱে হৈছে নথিপত্ৰসমূহ নৱীকৰণ কৰি ৰখাৰ লগতে যানবাহনৰ যাৱতীয় কৰ কাটল পৰিশোধ কৰা হৈছে নে নাই তাৰ পৰীক্ষা কৰা ।
সেয়ে সুৰক্ষিত যাতায়তৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কোনো বাহনকেই ৰাজপথত উঠিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰি আগন্তুক দিনত “অপাৰেচন কুৰুক্ষেত্ৰত” যানবাহনৰ কৰফাঁকি দি অহা বহুজাতিক ব্যৱসায়িক প্ৰতিষ্ঠানমূহৰ বাহনৰ ট্ৰেড লাইচেঞ্চ বাতিল, বাহনৰ অনুজ্ঞাপত্ৰ বাতিলকে ধৰি যিকোনো সময়ত বাহনখন জব্দ কৰাৰ উপৰি বাহনৰ মাালিক, ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী ৰঙাঘৰৰ মজিয়া পৰ্যন্ত উপস্থিত হ’বলগীয়া হ’বপাৰে বুলিও কয় ৷ উল্লেখ্য যে আজিৰ অভিযানকালত বিভিন্ন ঠাইত ৰাজহুৱা ঘোষণা, পথেৰে চলাচল কৰা বাহনৰ চালক, মালিক, যাত্ৰীৰ মাজত প্ৰচাৰ পুস্তিকা বিতৰণ, বিভিন্ন ঠাইত সজাগতা অনুষ্ঠান আদিৰ জৰিয়তে সৰ্বস্তৰৰ ৰাইজৰ মাজত জনসচেতনতা সৃষ্টি কৰি অনতিপলমে যানবাহনৰ নথিপত্ৰ নৱীকৰণ কৰাৰ লগতে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি ৰাজ্যৰ ৰাজপথত গক সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত সকলো শ্ৰেণীৰ যানবাহনৰ মালিক বন্ধুৰ স্বতঃস্ফূৰ্ত সহযোগিতা আহ্বান কৰে পৰিবহণ বিভাগে।

Leave A Reply

Your email address will not be published.