ৰাজ্যিক নিয়োগ নিশ্চিয়তা পৰিষদৰ বৈঠক- মহাত্মা গান্ধী এনৰেগা ৰূপায়ণ সম্পৰ্কত পৰ্যালোচনা

0 267

মহাত্মা গান্ধীৰ এনৰেগা আঁচনি খনৰ ফলপ্ৰসূ ৰূপায়ণৰ সুনিশ্চিত কৰিব বাবে আপোনালোকে প্ৰতিটো ক্ষেত্ৰতে চোকা দৃষ্টি ৰাখিব লাগিব আৰু যিকোনো আসোঁৱাহ বা বিসংগতি দেখা পালে লগে লগে বিভাগৰ দৃষ্টিগোচৰ কৰিব।মহাত্মা গান্ধীৰ ৰাষ্ট্ৰীয় নিয়োগ নিশ্চিত আইনৰ অধীনত আঁচনি খন ৰূপায়ন সম্পৰ্কত নিৰীক্ষণ কৰিব বাবে নতুনকৈ গঠন কৰা ৰাজ্যিক নিয়োগ নিশ্চিত পৰিষদৰ প্ৰথমখন সভাত উপস্থিত পাতিনিধি সকলক উদ্দেশ্যি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী তথা পৰিষদৰ অধ্যক্ষ নৱ কুমাৰ দলে এইদৰে কয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত তেওঁ আৰু কয় যে পৰিষদৰ সদস্য সকলকৰ সক্ৰিয়তাই আঁচনি খন ৰূপায়ন অধিক ক্ষিপ্ৰ আৰু আসোঁৱাহমুক্ত কৰিব।
সভাৰ আৰম্ভণিতে বিভাগৰ প্ৰধান সচিব ডাঃ জে বি একাই নৱ গঠিত সমিতি খনৰ প্ৰতিগৰাকী সদস্যকে আদৰণি জনায়।ইয়াৰ পিছতে বিভাগৰ আয়ুক্ত তথা পৰিষদৰ সদস্য সচিব হেমেন দাসে ৰাজ্যখনত মানৱ ইতিহাসৰ আটাতকৈ বৃহৎ নিয়োগ সৃষ্টিকাৰী আঁচনি মহাত্মা গান্ধী এনৰেগাৰ ৰূপায়ন সম্পৰ্কত যোৱা ২০১৯-২০ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন খন অনুমোদন বাবে সভাত দাখিল কৰে আৰু আঁচনি খন ৰূপায়ন সম্পৰ্কে এক তুলনামূলক বিশ্লেষণ দাঙি ধৰে।
২০১৯-২০ বৰ্ষৰ বাৰ্ষিক প্ৰতিবেদন খনত অনুমোদন জনায়।সভাত মন্ত্ৰী তথা পৰিষদৰ অধ্যক্ষ দলে ২০১৯-১৯ বৰ্ষলৈ গ্ৰহণ কৰা অথচ এতিয়াও অসম্পূৰ্ণ হৈ থকা আঁচনি সমূহ অহা ৩১ মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি পৰীক্ষণ কৰিবলৈ বাকী থকা ১.৭৭ শতাংশ জব কাৰ্ডৰ পৰীক্ষণ তৎকালীন ভাৱে সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে।তদুপৰি আঁচনি অনুমোদন প্ৰক্ৰিয়া আৰু অধিক খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে।সভাত প্ৰধান সচিব ডাঃ এক্কায়ো বিভিন্ন দিহা পৰামৰ্শ আগবঢ়ায়।সভাত বিভিন্ন বিভাগৰ প্ৰতিনিধি,জনপ্ৰতিনিধি,অনুসূচী জাতি,পিছপৰা শ্ৰেণী,আদি প্ৰতিনিধি সকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.