ৰাজ্যিক পৰিবহন কৰ্মচাৰী সন্থাৰ শ্ৰমিক দিৱস পালন

0 232

সমগ্ৰ বিশ্বতে শ্ৰমিক আৰু শ্ৰমিক সংগঠন বা ট্ৰেড ইউনিয়ন সমূহে ১ মেৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰি আহিছে । আনহাতে অসমৰ ৰাজহুৱা পৰিবহণ খণ্ডৰ অন্যতম প্ৰতিষ্ঠান অসম ৰাজ্যিক পৰিবহণ নিগমৰ শ্ৰমিক – কৰ্মচাৰী সকলৰ একমাত্ৰ আৰু উমৈহতীয়া ট্ৰেড ইউনিয়ন হিচাপে স্বীকৃতিপ্ৰাপ্ত ৰাজ্যিক পৰিবহণ কৰ্মচাৰী সন্থাই আজি পল্টনবজাৰস্থিত সন্থাৰ কাৰ্যালয়ত দুই শতাধিক নিগমৰ শ্ৰমিক – কৰ্মচাৰীৰ উপস্থিতিত শ্ৰমিক দিৱস পালন কৰে । মে দিৱসৰ পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে বিশিষ্ট শ্ৰমিক নেতা আৰু সন্থাৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰে । আনহাতে সম্পাদক অমৰজ্যোতি বৰঠাকুৰে শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰে । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ভাষণত সাধাৰণ সম্পাদক দ্বিজেন লহকৰে আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে শ্ৰমিক সকলৰ প্ৰাপ্য আদায় দিয়াৰ লগতে তেওঁলোক তথা তেওঁলোকৰ পৰিয়ালৰ জীৱন আৰু জীৱিকাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে চৰকাৰক আহ্বান জনায়। অনুষ্ঠানত সন্থাৰ আন এগৰাকী সম্পাদক কণক ভৰালী, কোষাধ্যক্ষ কৈলাশ তালুকদাৰ প্ৰমুখ্যে কেইবাগৰাকীও বিষয় ববীয়া উপস্থিত থাকে।
বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.