ৰাজ্যৰ অৰ্থনীতিবিদৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক অনুষ্ঠিত

0 295

ক’ভিড১৯য়ে সমগ্ৰ  বিশ্বৰ লগতে দেশ তথা অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত জটিল পৰিস্থিতি সৃষ্টি কৰিছে। এই বিপজ্জনক পৰিস্থিতিত সমগ্ৰ ৰাজ্যৰ বিত্তীয় ক্ষেত্ৰখনক আগুৱাই নিয়াৰ বাবে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে  ৰাজ্যৰ অৰ্থনীতিবিদসকলৰ সৈতে এখন বৈঠক অনুষ্ঠিত কৰে।
 
 
 
অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ বৈঠক খনত ৰাজ্যৰ সমূহ অৰ্থনীতিবিদৰ পৰা  মতামত সমূহ গ্ৰহণ কৰে।
 
 
 
এই বৈঠকৰ আৰম্ভণিতে ৰাজ্যৰ বিত্ত আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লকডাউনৰ পূৰ্বৰ সময়ছোৱাৰ উন্নয়নমুখী অৰ্থনীতি তথা ক’ভিড১৯ৰ ফলশ্ৰুতিত দিয়া লকডাউনৰ পৰৱৰ্তী পৰ্যায়ৰ অৰ্থনীতি সম্পৰ্কে বিশ্লেষণ দাঙি ধৰে। ইয়াৰ উপৰিও ৰাজ্যৰ বৰ্তমানৰ অৱস্থা সন্দৰ্ভতো মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিশ্লষণ দাঙি ধৰে।
 
 
 
আজিৰ এই বৈঠক অধ্যক্ষতা কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ক’ভিড১৯য়ে সমগ্ৰ বিশ্বৰ ৭৭০কোটি জনতালৈ এক নতুন অভিজ্ঞতা আগবঢ়াইছে। এই পৰিস্থিতিয়ে আমাক সকলোকে নতুন শিক্ষা প্ৰদান কৰা বুলি কয় মুখ্যমন্ত্ৰীয়ে।
 
 
 
প্ৰতিটো সমস্যাৰে বুকুত সমাধানৰ সূত্ৰ লুকাই আছে বুলি কোৱাৰ সমান্তৰালকৈ তেওঁ কয় যে যেতিয়া আমি সকলোৱে একেলগে একত্ৰিত হৈ প্ৰত্যাহ্বান সমূহৰ যোগ্য প্ৰত্যুত্তৰ দিম তেতিয়াহে আমি বিশ্বৰ সমুখত এটা যোগ্যতাসম্পন্ন জাতি হিচাপে থিয় দিব পাৰিম। আজিৰ এই বৈঠকত ৰাজ্যৰ অৰ্থনৈতিক বুনিয়াদ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে বিশিষ্ট অৰ্থনীতিবিদ সকলে আগবঢ়োৱা পৰামৰ্শ সমূহে আগন্তুক দিনকেইটাত দিক নিৰ্ণায়কৰ ভূমিকা পালন কৰিব।এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ।
 
 
 
অৰ্থনীতিবিদসকলে ক’ভিড১৯ৰ পৰিস্থিতিলৈ লক্ষ্য ৰাখি ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখন আগুৱাই নিয়াৰ বাবে ৰাজ্যখনৰ খণ্ড উন্নয়ন পৰ্যায়লৈকে টাস্ক ফ’ৰ্চ অৰ্থাৎ কৰ্মবাহিনী গঠনৰ বাবে দিয়া পৰামৰ্শ সচাকৈ অতি প্ৰশংসনীয় বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে।
 
 
উক্ত পৰামৰ্শৰ ভিত্তিত সময় সাপেক্ষে কৰ্ম আঁচনি যুগুতোৱাৰ সমান্তৰালকৈ ১০০দিনৰ সময়সাপেক্ষে সুপৰিকল্পিত কৰ্মসূচী প্ৰস্তুত কৰাৰ বাবে আগবঢ়োৱা পৰামৰ্শক ৰাজ্য চৰকাৰে গুৰুত্বপূৰ্ণভাৱে ল’ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে।
 
 
 
তদুপৰি ৰাজ্যখনত ব্যয়ৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ ক্ষেত্ৰ (প্ৰায়’ৰিটী চেক্টৰ) সমূহ চিনাক্তকৰণ কৰি সামাজিক দুৰত্ব বজাই ৰাখি সকলোবোৰ কামেই আগুৱাই নিয়া হ’ব। সমান্তৰালভাৱে হ্ৰস্বম্যাদী আৰু দীৰ্ঘম্যাদী কৰ্ম আচনিসমুহ গ্ৰহণ কৰা, কৃষিজাত সামগ্ৰীৰ উৎপাদন ক্ৰয় আৰু বিপণন ব্যৱস্থাসমূহ শক্তিশালী কৰা, ৰাজ্যখনৰ মাটিৰ প্ৰাকৃতিক উৰ্বৰতা আৰু জলবায়ুৰ সদব্যৱহাৰেৰে কৃষিক্ষেত্ৰৰ সম্ভাৱনীয়তা নতুনকৈ আৱিস্কাৰ কৰা ইত্যাদি পৰামৰ্শসমূহ ৰাজ্য চৰকাৰে গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ মাজত সু সমন্বয়েৰে এই দিশসমূহ আগুৱাই লৈ যাব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে।
 
 
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰখনক সবল কৰাটো দৰকাৰ। এই জটিল পৰ্যায়ত অসমলৈ ঘুৰি আহিবলগীয়া ১০লাখ
যুৱক যুৱতীৰ দক্ষতাকো অগ্ৰাধিকাৰ দিয়া হ’ব বুলি কয়। এই সময়ত ৰাজ্যৰ জৰুৰী বিভাগ সমূহে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ ওপৰত ৰাইজৰ আস্থা আছে  বুলি তেখেতে কয় ।
 
 
আজিৰ এই বৈঠকত ৰাজ্যৰ ২৯গৰাকীকৈ বিশিষ্ট অৰ্থনীতিবিদ আৰু চিন্তাবিদ উপস্থিত থাকে। বৈঠকত বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply

Your email address will not be published.