যুৱ ব্যৱসায়ীৰ ন প্ৰচেষ্টাই সকাহ যোগাইছে বহুতক

0 271

লকডাউনৰ সময়ছোৱাত নিজৰ ব্যৱসায়ৰ লগতে জনসাধাৰণক এধানি সহায় আগবঢ়াই চৰ্চালৈ আহিছে এগৰাকী যুৱ উদ্যমী। গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ ছাৰনাৱাজ হুছেইন নামৰ যুৱ উদ্যমীজনে গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত মাস্ক বিতৰণ কৰিছে।
 
 
 
উল্লেখযোগ্য যে তেখেতৰ ভেলেনচ ভিৰগ’ নামৰ বস্ত্ৰ উদ্যোগটোৰ জৰিয়তে বৰ্তমানলৈকে ২.৬লাখ মাস্ক প্ৰস্তুত কৰিছে। হুছেইনে জানিবলৈ দিয়া মতে তেওঁৰ এই মাস্ক সমূহ অসম তথা উত্তৰ পূৱৰ লগতে পশ্চিমবংগ লৈও ৰপ্তানি হৈছে।
 
 
এন ই ফ’কাচ ডট কমৰ আগত মন্তব্য কৰা মতে অসমৰ অধিকাংশ চাহ বাগিচালৈ তেওঁলোকৰ কোম্পানীয়ে প্ৰস্তুত কৰা মাস্ক গৈছে।
 
 
 
ইয়াৰ উপৰিও জি এম চি এইচৰ লগতে জৰুৰীকালীন সেৱাৰ লগত জড়িত বহু ব্যক্তিক বিনামূলীয়াকৈ মাস্ক যোগান ধৰিছে। যুৱকজনৰ এই প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.