ৰাজ্যৰ নিবনুৱা সকলক কৰ্মসংস্থাপন দিয়াৰ বাবে চৰকাৰে অভিনৱ পদক্ষেপ গ্ৰহণ কৰিছে

0 242

ৰাজ্যৰ নিবনুৱা সকলক কৰ্মসস্থাপন দিয়া লক্ষ্যৰে ৰাজ্য চৰকাৰে লৈছে এক অভিনৱ উদ্যোগ।গ্ৰাম্যাঞ্চলৰ সুচল যাতায়তৰ আৰু স্বাৱলম্বনৰ এক নতুন উন্মোচিত কৰাৰ প্ৰয়াসেৰে চৰকাৰে হাতত লৈছে মুখ্যমন্ত্ৰীৰ গ্রাম্য পথ পৰিবহন আঁচনি। ৰাজ্যৰ লগতে বৰপেটা জিলাটো ২৯ গৰাকী নিৰ্বাচিত নিবনুৱা যুৱক যুৱতীৰ মাজত পঞ্জীয়নভুক্ত তিনিচকীয়া আৰু চাৰিচকীয়া লঘু যান বাহন বিতৰণ কৰে।
আঁচনিখনৰ মঙলবাৰে বৰপেটা জিলাত আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বৰপেটা সদৰ সমষ্টিৰ বিধায়ক গুনীদ্ৰ নাথ দাসে।বিতৰণ কৰা যান বাহন সমূহৰ ভিতৰত আছে মাৰুতী এলট,৮০০ কাৰ, ইকো ভেন,মেজিক,ই-ৰিক্সা, অটোৰিক্সা ইত্যাদি।আঁচনি খনৰ অধীনত অসম চৰকাৰে বাহনৰ মূল্যৰ২৫ শতাংশ অথবা সৰ্বাধিক এক লাখ টকা ৰাজ সাহায্য হিচাপে প্ৰদান কৰিছে।ৰাজ্যৰ ১০ হাজাৰ খন গাঁৱৰ ১০ হাজাৰ নিবনুৱাক কৰ্মসংস্থাপন লক্ষ্যৰে ৰাজ্য চৰকাৰে এই আঁচনি খন গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে বৰপেটা ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ জৰিয়তে ৮৫০ গৰাকী নিবনুৱাক কৰ্মসংস্থাপন লক্ষ্য গ্ৰহণ কৰিছে।সেই উপলক্ষ্যে জিলা পুথিভঁৰাল চৌহদত আয়োজিত এখন ৰাজহুৱা সভাত প্ৰদান কৰা ভাষণত বিধায়ক দাসে কয় যে এই গাড়ী বোৰ হিতাধিকাৰী সকলে ভাড়া নিদি নিজে চলালে নিজৰ লগতে গ্ৰাম্য অৰ্থনৈতিক বিকাশটো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব।তেওঁ প্ৰকৃত নিবনুৱা যুৱক যুৱতী সকলক আঁচনি সুবিধা গ্ৰহণ কৰি বাবে আগবাঢ়ি আহিবৰ বাবে আহ্বান জনায়।সভাত ভাষণ প্ৰদান কৰি বৰপেটা জিলাৰ উপায়ুক্ত মুনীদ্ৰ শৰ্মাই কয় যে এই আঁচনিখন বৰ্তমান চৰকাৰৰ এখন অন্যতম সুচিন্তক জনমুখী আঁচনি।ইয়াৰ দ্বাৰা দুটাকৈ অভিলাসী লক্ষ্য পূৰণ কৰিব বিচৰা হৈছে।গ্রাম্যাঞ্চলৰ পথ যাতায়ত সুচল কৰি তোলাৰ লগতে আঁচনি খনৰ দ্বাৰা নিবনুৱা সকলক আত্মসংস্থাপনৰ সুবিধা দিব বিচৰা হৈছে।

Leave A Reply

Your email address will not be published.