ৰাজ্য চৰকাৰে জাৰি কৰিলে আনলক ১নিৰ্দেশনাৱলী

0 268

পঞ্চম পৰ্যায়ৰ আনলক ১ সময়সীমা বৃদ্ধি কৰা হৈছে ১জুনৰ পৰা ৩০জুনলৈ। আজিৰ পৰা আৰম্ভ হোৱা পঞ্চম পৰ্যায়ৰ আনলক ১ জাৰি কৰাৰ সমান্তৰালভাৱে দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পূৰ্বৰ নিয়মসমূহত বহু শিথিলতাও প্ৰদান কৰিছে। এই আনলক একৰ কাৰণে সোমবাৰে নতুন নিৰ্দেশনা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে। আনলক ওৱানৰ নতুন নিৰ্দেশনা অনুসৰি সমগ্ৰ ৰাজ্যতে নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈকে জাৰি কৰা হ’ব সান্ধ্য আইন।
 
 
 
সান্ধ্য আইন চলি থকা এই সময়চোৱাত অত্যাৱশ্যকীয় সেৱাৰে সৈতে জড়িত হৈ থকা কৰ্মচাৰীসকলৰ বাহিৰে আন কোনো লোক বাহিৰলৈ ওলাব নোৱাৰিব। উল্লেখ্য যে ৰাজ্যখনৰ কন্টেইনমেন্ট জ’ন বা বাফাৰ জ’নত থকা অঞ্চলসমূহত পূৰ্বৰ দৰেই সকলো নীতি-নিয়মৰ বাহাল ৰখা হ’ব।
 
 
৮জুনৰ পৰা ৰাজ্যখনৰ সকলোধৰণৰ ধৰ্মীয় অনুষ্ঠান সমূহ খোল খাব। কিন্তু সময়ে সময়ে প্ৰায় বিছ গৰাকীকৈ লোকৰহে উপস্থিতি বাধ্যতামুলক। ধৰ্মীয় অনুষ্ঠান সমূহৰ সমান্তৰালকৈ সমগ্ৰ ৰাজ্যতে হোটেল আৰু ৰেষ্টুৰেন্টসমূহো অহা ৮ জুনৰ পৰা খুলিব পাৰিব। ৫০শতাংশ লোকৰ উপস্থিতিত সামাজিক দুৰত্ব মানি সময়ে সময়ে মানুহ উপস্থিত থাকিব পাৰিব। সমান্তৰালভাৱে আগন্তুক ৮জুনৰ পৰা খুলিব শ্বপিং মল সমূহ। সেয়েহে শ্বপিং মল সমূহতো সামাজিক দুৰত্ব বৰ্তাই ৰখাটো প্ৰয়োজনীয়।
 
 
প্ৰাতঃভ্ৰমণ তথা সান্ধ্যভ্ৰমণৰ অৰ্থে ১জুনৰ পৰা খোলা হ’ব ৰাজ্যৰ ৰাজহুৱা স্থান বা পাৰ্কসমূহ। এইক্ষেত্ৰত সামাজিক দুৰত্ব মানি চলাটো বাঞ্ছনীয়। সামাজাক দুৰত্ব মানি চলি ১জুনৰ পৰা ৰাজ্যৰ চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ ফিল্ম বা ভিডিঅ’ শ্বুটিঙৰ কাম-কাজ আৰম্ভ কৰিব পাৰিব। সামাজিক দূৰত্ব মানি চলি ১জুনৰ পৰা ৰাজ্যৰ চেলুন আৰু পাৰ্লাৰ সমূহ খুলিব পাৰিব। মাস্ক গ্লবছ পৰিধান কৰাৰ লগতে ছেনিটাইজাৰ ব্যৱহাৰ কৰা আৰু সামাজিক দূৰত্ব মানি চলিব লাগিব।
 
 
 
 
আনহাতে সমগ্ৰ ৰাজ্যতে সান্ধ্য আইন জাৰি কৰাৰ সময় পূৰ্বতকৈ সলনি কৰা হৈছে। পূৰ্বৰ সময়ৰ তুলনাত এইবাৰৰ সান্ধ্য আইন ১জুনৰ নিশা ৯ বজাৰ পৰা পুৱা ৫ বজালৈ অব্যাহত থাকিব। জৰুৰী তথা অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত সকলৰ বাহিৰে আন কোনো লোক এইখিনি সময়ত বাহিৰত ওলাব নোৱাৰিব। আনলক ২ এই সময়ছোৱাত বন্ধ থাকিব ৰাজ্যৰ সকলো প্ৰান্তৰ চিনেমা হল, জীম, ছুইমিং পুল, ইন্টাৰটেইমেন্ট পাৰ্ক, থিয়েটাৰ, বাৰ, অডিটৰিয়াম আৰু এছেমব্লি হ’ল। এই সময়খিনিত অনুষ্ঠিত কৰিব নোৱাৰিব কোনোধৰণৰ সাংস্কৃতিক অনুষ্ঠান তথা সভা-সমিতি।
 
 
 
সমান্তৰালভাৱে সমগ্ৰ ৰাজ্যতে বন্ধ হৈ থাকিব সকলো বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লগতে আন বহুতো শিক্ষানুষ্ঠান। উল্লেখ্য যে এই সময়ছোৱাত যিসকলে দুচকীয়া বাহন চলাই  দুচকীয়া বাহনৰ পিছফালে কেৱল মহিলা অথবা বাৰ বছৰৰ তলৰ শিশুৰ বাহিৰে বেলেগ কোনোধৰণৰ লোককে নিব নোৱাৰিব। এই আনলক ১ সময়ছোৱাত ৬৫ বছৰ উৰ্ধৰ ব্যক্তি, সন্তান সম্ভৱা মহিলা, ১০ বছৰ বয়সৰ তলৰ শিশুসকলে বিশেষ স্বাস্থ্যজনিত কাৰণৰ বাহিৰে ঘৰৰ পৰা ওলাব নোৱাৰিব।

Leave A Reply

Your email address will not be published.