বিগত বহু বছৰ ধৰি গুৱাহাটী মহানগৰীৰ সমীপৱৰ্তী পশ্চিম গুৱাহাটীৰ ৰাণীত “ৰাণী কোচিং চেণ্টাৰে” ক্ৰীড়াৰ এক বাতাৱৰণ সৃষ্টি কৰিবলৈ সক্ষম হৈছে । বৃহত্তৰ অঞ্চলটোৰ যুৱক-যুৱতীক ক্ৰীড়াৰ জৰিয়তে মানৱ সম্পদ গঢ়াৰ পৰিকল্পনাৰে এই কোচিং চেণ্টাৰে অনৱদ্য ভুমিকা গ্ৰহণ কৰি আহিছে । বহু প্ৰশিক্ষাৰ্থীয়ে আনকি এই ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰত প্ৰশিক্ষণ লৈ ৰাষ্ট্ৰীয়- আন্তৰাষ্ট্ৰীয় পৰ্যায়ত বিভিন্ন খেলত পদক বুটলি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । আজি পুনৰ এই ৰাণী কোচিং চেণ্টাৰে অঞ্চলটোৰ ৰাজাপানীচন্দাত প্ৰশিক্ষণ কেন্দ্ৰ এটা মুকলি কৰে । অঞ্চলটোৰ সমাজসেৱক তথা অগপ নেতা ৰবীন দৈমাৰীয়ে মুকলি কৰে এই কেন্দ্ৰটি । দৈমাৰীৰ লগতে আন্তঃৰাষ্ট্ৰীয় সমৰ কলা খেলুৱৈ মনোজ কুমাৰ দাস , সুদক্ষ প্ৰাক্তন ব্লেক বেল্ট খেলুৱৈ তথা কোচিং চেণ্টাৰটোৰ সক্ৰীয় বিষয়ববীয়া ভাইটি বড়ো , বসন্ত বৰুৱা , সাংবাদিক ধৰ্মেন্দ্ৰ দাসৰ লগতে অৰ্ধশতাধিক প্ৰশিক্ষাৰ্থী উপস্থিত থাকে । প্ৰতি সপ্তাহৰ শুক্ৰবাৰ , দেওবাৰ আৰু মংগলবাৰে আৱেলী ৩ বজাৰ পৰা ৫ বজালৈ বিশেষকৈ কিক বক্সিং , থাই বক্সিং , কাৰাটে , উশ্বু , আদি খেলৰ অৰ্হতা সম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা প্ৰশিক্ষণ দিয়া হ’ব বুলি ভাইতি বড়োৱে জানিবলৈ দিয়ে ।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান