ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী

0 27

এইবাৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয়, এইবাৰ নিৰ্বাচন উন্নয়নৰ পক্ষত নিৰ্বাচন – এই মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ। আজি পলাশবাৰী বিধানসভা সমষ্টিৰ ৰাণীত এন ডি এ’ৰ সমৰ্থীত বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু কয় ২০১৪ৰ আগৰ অসমৰ কি অৱস্থা আছিল বুলি প্ৰশ্ন উত্থাপন কৰি তেওঁ কয় যে অসমত আজি উন্নয়নৰ ধাৰা অব্যাহত আছে। তেওঁ আৰু কয় যে দৰিদ্ৰতা দূৰ হ’বলৈ চাৰিটা বস্তুৰ অত্যন্ত প্ৰয়োজন বিজুলী, পানী, পথ, আৰু যোগাযোগ।মোৰ দিনত ব্ৰহ্মপুত্ৰত ড্ৰেজিং আৰম্ভ কৰিছিলো। আঢ়ৈ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ হৈছে অসমত।
বিলাসীপাৰাৰ পৰা গুৱাহাটীলৈ পথ ২৭ৰ অক্টোবৰত সম্পন্ন হ’ব।
অসম ত্ৰিপুৰাৰ সংযোগ উন্নত হ’ব, গুৱাহাটীত ৰিং-ৰোডৰ কাম চলি আছে।ব্ৰহ্মপুত্ৰৰ ওপৰত টানেল গুৱাহাটী শিলচৰৰ দূৰত্ব ৬ ঘণ্টালৈ হ্ৰাস হ’ব। ব্ৰহ্মপুত্ৰৰ ওপৰত ১৩ খন দলং হ’ব।কামাখ্যা ষ্টেচনৰ পৰা কামাখ্যা মন্দিৰলৈ ৰোপৱে নিৰ্মাণ হ’ব।আগন্তুক ৩ বছৰত আমেৰিকাৰ দৰে ৰাষ্ট্ৰীয় ঘাইপথ হ’ব অসমত।অসমক বচালে দেশ বাচিব,অসমৰ উন্নয়ন হ’লে দেশৰ উন্নয়ন হ’ব। মন্ত্ৰীগৰাকীয়ে কয় যে হিন্দু, জৈন, শিখ, বৌদ্ধ যাৰ এইখনেই একমাত্ৰ দেশ সেই সকলক বাদ দি মুছলমান বিদেশীক ভোটাধিকাৰৰ পৰা বঞ্চিত কৰিব লাগে। তেওঁ আৰু কয় যে অসমৰ পূৰ্বৰ ছবিখনৰ এতিয়া পৰিবৰ্তন হ’বলৈ ধৰিছে। অসমৰ উদ্যোগ ক্ষেত্ৰৰ বিকাশ কৰাৰ লগতে তেওঁ অসমৰ যুৱক যুৱতীৰ কৰ্মসংস্থাপন, ব্ৰহ্মপুত্ৰৰ বানমুক্ত কৰাৰ সংকল্প লোৱাৰ কথা উল্লেখ কৰি কয় যে আগন্তুক সময়ছোৱাত আমি অসমৰ গাঁৱ, কৃষক,গৰীৱ, মজদুৰৰ কল্যাণ কৰিব। উল্লেখ্য যে অগপ দলৰ পলাশবাৰী সমষ্টি সমিতিৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীয়ে আঁত ধৰা সভাত বিজেপি প্ৰাৰ্থী হিমাংশু শেখৰ বৈশ্যৰ লগতে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীয়েও ভাষণ প্ৰদান কৰে। সভাত বিজেপি নেতা অনুপ কুমাৰ মেধি,বিজেপি প্ৰভাৰী প্ৰশান্ত মহন্ত, অগপৰ জিলা সম্পাদক পৰমেশ্বৰ বৰ্মন,ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ পাৰিষদ পুষ্পাঞ্জলি কুমাৰী বড়ো আদি অগপৰ ৰাণী আঞ্চলিক কমিটীৰ সভাপতি আৰু মিত্ৰজোটৰ নিৰ্বাচনী সমিতিৰ সভাপতি মনোৰঞ্জন দাস বড়োকে ধৰি এন ডি এৰ অংশীদাৰী দলৰ কেবাগৰাকী দলীয় কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে।

Leave A Reply

Your email address will not be published.