ভূমি পূজনৰ পবিত্ৰ ক্ষণক সুঁৱৰি মহানগৰীতো অনুষ্ঠিত হ’ল পূজা অৰ্চনা

0 266

৫০০ বছৰীয়া প্ৰতীক্ষাৰ অন্তত আজি অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণক লৈ ব্যাপক প্ৰস্তুতি আৰম্ভ হৈছে৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভূমি পূজন আৰম্ভ কৰিছে ৷ ইয়াকে লৈ দেশৰ জনসাধাৰণ যথেষ্ট উৎসাহী হোৱা পৰিলক্ষিত হৈছে৷
 
 
 
ইয়াৰ ব্যতিক্ৰম নহয় গুৱাহাটী মহানগৰী ৷মধ্য গুৱাহাটী উন্নয়ন সমিতিয়ে ৰাম মন্দিৰ নিৰ্মাণৰ ভূমি পূজাক লৈ আজি পল্টন বজাৰত এক পূজা অৰ্চনা  আয়োজন কৰে৷
 
 
এই সন্দৰ্ভত প্ৰাক্তন সাংসদ ৰমেন ডেকাই কয় যে ভগৱান ৰামচন্দ্ৰই সমগ্ৰ দেশ বাসীক যাতে শান্তি সম্প্ৰতি প্ৰদান কৰে তাৰ বাবে ঈশ্বৰক প্ৰাৰ্থনা জনাও৷ উল্লেখযোগ্য যে পল্টনবজাৰত বিভিন্ন স্তৰৰ প্ৰায় শতাধিক ভক্তপ্ৰাণ ৰাইজে পূজা স্থলীত উপস্থিত থাকি দেশৰ মংগলৰ কাৰণে ভগৱান ৰামচন্দ্ৰৰ ওচৰত আশীৰ্বাদ লয় ৷ সন্ধিয়া মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ তৰফৰ পৰা কেইবা শতাধিক বন্তি প্ৰজ্বলন কৰা হ’ব বুলি জানিব পৰা গৈছে৷
 
এই কাৰ্যসূচীত প্ৰাক্তন সাংসদ ৰমেন ডেকা,মধ্য গুৱাহাটী উন্নয়ন সমিতিৰ ৰাজীৱ দাস উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.