চাইক্লিং এছ’চিয়েশ্বন অৱ আছামৰ উদ্যোগত,অসম চৰকাৰৰ ক্ৰীড়া আৰু যুবকল্যাণ বিভাগৰ সহযোগত তথা চাইক্লিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ তত্ত্বাবধানত সোণাপুৰস্থিত লক্ষ্মীবাঈ ৰাষ্ট্ৰীয় শাৰিৰীক শিক্ষা প্রতিষ্ঠানত চলি থকা ৭৪ সংখ্যক ছিনিয়ৰ, ৫১ সংখ্যক জুনিয়ৰ আৰু ৩৭ সংখ্যক ছাব-জুনিয়ৰ ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপৰ চতুৰ্থ দিনাৰ অন্তলৈ ৰে’লৱে স্প’ৰ্টছ প্ৰমোশ্বন ব’ৰ্ডে পদক তালিকাত শীৰ্ষ স্থান অধিকাৰ কৰিছে। ৰে’লৱে স্প’ৰ্টছ প্ৰমোশ্বন ব’ৰ্ডে এতিয়ালৈ ৮টা স্বৰ্ণ, এটা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। আনহাতে, মণিপুৰে ৭টা সোণ, ৩টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তালিকাত দ্বিতীয় স্থানত থকাৰ উপৰি হৰিয়ানাই ৫টা সোণ, ৪টা ৰূপ আৰু ৪টা ব্ৰঞ্জৰ পদক লাভ কৰি পদক তলিকাৰ তৃতীয় স্থানত আছে। ইফালে, ২টা ব্ৰঞ্জৰ পদক লাভ কৰি আয়োজক অসম তালিকাৰ ষষ্ঠদশ স্থানত আছে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি