ৰাষ্ট্ৰীয় একতা দিৱসত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সমূহীয়া একতা দৌৰ সম্পন্ন

0 177

সমগ্ৰ দেশৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ চাৰিদুৱাৰস্থিত নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আজি ৰাষ্ট্ৰীয় একতা দিৱস পালন কৰা হয় । একতা দিৱসৰ লগত সংগতি ৰাখি বিদ্যালয়ৰ শিক্ষাগুৰু, শিক্ষাৰ্থীক সংকল্পবাক্য পাঠ কৰোৱায় বিদ্যালয়খনৰ অধ্যক্ষ ৰাজেশ দত্তই । তাৰ পিছতে বিদ্যালয় চৌহদৰপৰা চাৰিদুৱাৰ চেণ্টাৰ পৰ্যন্ত ডেৰ কিলোমিটাৰ পথ সামৰি অনুষ্ঠিত হয় সমূহীয়া একতা দৌৰ ।দৌৰত বিদ্যালয়ৰ শিক্ষাগুৰু, শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

বাতৰি যুগুতালে বালিপৰাৰপৰা প্ৰাঞ্জলে।

Leave A Reply

Your email address will not be published.