ৰাজ্যৰ পৰিবহন বিভাগৰ উদ্যোগত ১১ জানুৱাৰীৰ পৰা ৰাজ্যজুৰি আৰম্ভ হোৱা ৩১ সংখ্যক ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহৰ লগত সংগতি ৰাখি সোমবাৰে কামৰূপ মহানগৰ জিলা পৰিবহন বিষয়া কাৰ্যালয়ৰ উদ্যোগত পুৱা শ্ৰদ্ধাঞ্জলি কাননত এক সমূহীয়া খোজকঢ়া তথা ৱাকাথন অনুষ্ঠিত হয়।তাৰ পাছত শ্ৰদ্ধাঞ্জলি কাননৰ পৰা ৰাইজৰ মাজত পথ সুৰক্ষা সজাগতাৰ বাবে এক বাইক ৰেলী উলিওৱা হয়।সমগ্র গুৱাহাটী মহানগৰ পৰিভ্ৰমণ কৰা বাইক ৰেলীটো পতাকা জোকাৰি শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ পৰিবহন বিভাগৰ সচিব ৰাজভী হুছেইন আৰু অতিৰিক্ত পৰিবহন আয়ুক্ত অভিজিৎ বৰুৱাই।অনুষ্ঠানত কামৰূপ জিলাৰ পৰিবহন বিষয়াদ্বয় অৰুণ কুমাৰ বৰা আৰু বাপন কলিতাকে ধৰি যান বাহন পৰিদৰ্শক,প্ৰৱৰ্তক পৰিদৰ্শক আৰু বিভিন্ন বাহন বিক্ৰেতা প্ৰতিষ্ঠানৰ ডীলাৰ সকল উপস্থিত থাকে।ইয়াৰ উপৰি বাইক ৰেলীৰ পাছতে শ্ৰদ্ধাঞ্জলি কাননৰ বাকৰিত ছাত্র-ছাত্ৰীৰ মাজত পথ সুৰক্ষা বিষয়ক এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয়।প্ৰতিযোগিতাখন পৰিচালনা কৰে জিলা পৰিবহন বিষয়া অৰুণ কুমাৰ বৰাই।আনহাতে পথ সুৰক্ষা সপ্তাহ উপলক্ষে ১১ জানুৱাৰীৰ দৰে আজিও চালক,পৰিচালক,হেণ্ডিমেনৰ বাবে খানাপাৰাত বিনামূলীয়া চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত হয়।গুৱাহাটী মহানগৰ পৰিবহন সন্থাৰ সহযোগত অনুষ্ঠিত শিবিৰটো উদ্বোধন কৰে জ্যেষ্ঠ যান বাহন পৰিচালক ৰফিকুল ইছলামে।শিবিৰত ডাঃ মনোৰঞ্জন দত্ত আৰু ডাঃ পাৰ্থ দাসৰ নেতৃত্বত এটি চিকিৎসকৰ দলে ৯৭ গৰাকী লোকৰ চকু পৰীক্ষা কৰে।অনুষ্ঠানত পৰিবহন সন্থাৰ গকুল গগৈ,বিপুল কলিতাকে ধৰি কেইবাগৰাকীও কৰ্মকৰ্তা উপস্থিত থাকে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি