ৰিক’ভাৰী ক্লিনিক আৰম্ভ কৰিছে এপ’ল’ হস্পিতালে

0 276

এপ’ল’ হস্পিতাল গুৱাহাটীয়ে প’ষ্ট ক’ভিড ৰিক’ভাৰী ক্লিনিক শুভাৰম্ভ কৰাৰ কথা আজি ঘোষণা কৰিছে।হোটেল প্ৰগতি মেনৰত আয়োজিত এক সংবাদ মেলত ঘোষণা কৰে যে ক’ভিড আক্ৰান্ত ৰোগীয়ে সংক্ৰমণৰ উপশম হোৱাৰ পাছতো দীৰ্ঘদিনৰ বাবে এই সংক্ৰমণৰ প্ৰভাৱত ভুগি থাকে সেইসকল ৰোগীৰ বাবে এই বিশেষ ৰিক’ভাৰী ক্লিনিক আৰম্ভ কৰা হৈছে। ক’ৰণা ভাইৰাছৰ সংস্পৰ্শলৈ অহা বহু মাহৰ পিছলৈকেও প্ৰায় ৫০ শতাংশৰো অধিক ক’ৰণা আক্ৰান্ত ৰোগীয়ে উশাহ নিশাহত কষ্ট,বুকুৰ বিষ,হাড়ৰ যোৰাবোৰ বিষ,দৃষ্টি শক্তি দুৰ্বল হোৱা,স্মৃতি শক্তি হ্ৰাস পোৱা আদি ৰোগত ভুগি থাকে।
 
 
এই ক্লিনিকত নিউৰ’লজিষ্ট আৰু ইস্যন’লজিষ্ট থাকিব, যিসকলে ক’ভিড-১৯ সুস্বাস্থ্য বাবে বিশেষ সেৱা আগবঢ়াব। এই পষ্ট ক’ভিড ৰিক’ভাৰী ক্লিনিক গুৱাহাটী এপ’ল হাস্পতাল আৰু ৰাধাগোবিন্দ বৰুৱা পথস্থিত এপ’ল মেডিকেল চেণ্টাৰ শুভম বিল্ডৱেলত আৰম্ভ কৰা হৈছে।
 
গুৱাহাটী এপ’ল হাস্পতালৰ ইণ্টাৰনেল মেডিচিন বিভাগৰ মুৰব্বী ডাঃ সাধন ব্ৰত দাসে কয় আমাৰ হাস্পতাললৈ অহা যিসকল ৰোগীয়ে ক’ৰণা সংক্ৰমণৰ পৰা উপশম লাভ কৰে।সেইসকল ৰোগীয়ে উপশমৰ পাছত সন্মুখীন হোৱা কিছুমান বিশেষ ৰোগৰ লক্ষণ পাই প্ৰায়েই আমাক সাক্ষাত কৰে।আৰু এনেধৰণৰ ৰোগী সকলক স্বাস্থ্য সম্পৰ্কীয় বিষয়ত সহায় আগবঢ়োৱাৰ বাবে এই ক্লিনিকৰ আৰম্ভ কৰা হৈছে।
 
এইসকল ৰোগীয়ে ক’ৰণা উপশম পাছৰ সময়ছোৱা প্ৰয়োজনীয় বিশেষ যত্ন আৰু উচিত চিকিৎসা পাবৰ বাবে আমি কিছুমান নিয়মাৱলী নিৰ্ধাৰণ কৰিছো । আৰু আমাৰ এই ক্লিনিকৰ লোকসকলক বিশেষভাৱে প্ৰশিক্ষণ দিছো যাতে এই ৰোগীসকল সম্পূৰ্ণভাৱে সুস্থ হৈ সুৰক্ষিত পৰ্য্যায়লৈ ঘূৰি আহিব পাৰে। ক’ভিড-১৯য়ে শৰীৰৰ প্ৰায় প্ৰতিটো অংশতে প্ৰভাৱ বিস্তাৰ কৰে। গুৰুত্বপূৰ্ণ সমস্যা যেনে ষ্টক আৰু মায়কাডিয়েল ইনফাকৰ্শ্বনৰ লগতে ক্ৰনিক সমস্যা যেনে মধুমেহ, হাইপৰ, টেনশ্যন আদিৰ লক্ষণেও সংক্ৰমণৰ পাছৰ পৰ্য্যায়ত দেখা দিয়ে। ক’ৰণা সংক্ৰমণৰ পাছৰ পর্যায়টো বহুতো ৰোগীৰ হঠাৎ মৃত্যু হোৱা দেখা যায়। যিবোৰ কাৰণ হৃদযন্ত্ৰৰ বিভিন্ন বিসংগতি বুলি প্ৰমাণিত হৈছে।
এপ’ল হাস্পতাল গুৱাহাটীৰ পালমনেৰী মেডিচিন বিভাগৰ মুৰব্বী তথা জ্যেষ্ঠ বিশেজ্ঞ ডাঃ কৃপেশ ৰঞ্জন শৰ্মাই কয় ক’ভিড-১৯ য়ে কেৱল হাঁওফাওতে সংক্ৰমণ নকৰে বৰঞ্চ শৰীৰৰ আন অংশটো প্ৰভাৱ বিস্তাৰ কৰে আৰু বহুতো অসুবিধা সৃষ্টি কৰে। সংক্ৰমণৰ ফলত সৃষ্টি হোৱা গুৰুত্বৰ দেখা দিয়ে আৰু এই সমস্যাবোৰ গুৰুতৰ হৈ পৰে। এই ক্লিনিকৰ জৰিয়তে ৰোগীসকলৰ লক্ষণ সমূহ পৰ্যবেক্ষণ কৰাটো সুবিধা হ’ব আৰু ৰোগীসকল উচিত সময়ত চিকিৎসা পোৱাটো সহায় হ’ব।
ডাঃ সাধন ব্ৰত দাসে লগতে কয় ক’ৰণা আগৰ সময়ছোৱাত আমি ইতিমধ্যে প্ৰায় ৭০ শতাংশ মৃত্যু ক’ৰণাৰূপী অসঞ্চাৰিত ৰোগৰ সমস্যাৰ সন্মুখীন হৈছিল ক’ভিড সংক্ৰমণ পাছৰ সময়ছোৱাত ৰোগৰ লক্ষণসমূহ যদি সময়ত ধৰা পৰা নাযায় তেন্তে ক’ৰণা পৰা উপশম পোৱা পিছতো ৰোগী সকল ক্ৰমে অসুস্থ হোৱা দিশত আগবাঢ়িব আৰু লগতে মৃত্যু হাৰো বৃদ্ধি পাব।গতিকে এই ক্লিনিকে আক্ৰান্ত ৰোগী সকলৰ উপশম পাছৰ পৰ্য্যায়ৰ ৰোগৰ লক্ষণ সমূহ পৰ্যবেক্ষণ কৰি উচিত সময়ত উচিত চিকিৎসা কৰিবলৈ সক্ষম হ’ব ।
উল্লেখযোগ্য যে এই ক্লিনিকত এগৰাকী চিকিৎসকৰ লগতে নাৰ্চেও ৰোগী সকললৈ সেৱা আগবঢ়াব। এপ’ইণ্টমেণ্ট বাবে এপ’লৰ হাস্পতাল গুৱাহাটী আৰু এপ’ল মেডিকেল চেণ্টাৰ শুভম কিল্ডৱেল সাক্ষাত অথবা ফোন কৰি 8876958514, 6913345090,0361-7135005 এই নম্বৰত যোগযোগ কৰিব পাৰে।

Leave A Reply

Your email address will not be published.