ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ

0 11

শিক্ষা,তথ্য আৰু মনোৰঞ্জনৰ অন্যতম প্ৰচাৰ মাধ্যম ৰেডিঅ’ই জনসাধাৰণৰ মাজত যুগ যুগ ধৰি এই তিনিটা বিষয়েই নহয় বিভিন্ন বিষয়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰেডিঅ’ক আৰু অধিক জনতাৰ মাজলৈ লৈ যোৱাৰ অনন্য প্ৰয়াস হিচাপে ২৩ নৱেম্বৰত মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘই এক ব্যতিক্ৰমী কাৰ্যসূচীৰে নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কেইবাখনো ৰাজহুৱা স্থানলৈ একোটিকৈ ৰেডিঅ’ বিতৰণ কৰে।নগাঁৱৰ কলংপাৰ বিদ্যাপীঠৰ সভাকক্ষত ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস বিশিষ্ট ব্যক্তিৰ সোঁৱৰনী ৰেডিঅ’ বিতঁৰণ” অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জেষ্ঠ সাংবাদিক কনক হাজৰিকাই কয়-মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ ব্যতিক্ৰমী অনুষ্ঠান। এই অনুষ্ঠানৰ জৰিয়তে ৰেডিঅ’ৰ জনপ্ৰিয়তা বৃদ্ধি নিশ্চিত ভাৱে আশা কৰিব পাৰি। কৃষি বিষয়া তথা অনাঁতাৰ শিল্পী নিখিল নাৰায়ন বৰুৱাই সঞ্চালনা কৰা অনুষ্ঠানটি সামগ্ৰিক পৰিচালনা কৰে শ্ৰোতা সংঘৰ সঞ্চালক ৰাহুল দেৱ বৰদলৈয়ে। অনুষ্ঠানত শ্ৰোতা সংঘৰ মূখ্য সঞ্চালক কিৰণ চন্দ্ৰ নাথ, অনাঁতাৰ শিল্পী মিলেশ্বৰ ডেকা, নগাঁও অনাঁতাৰ কেন্দ্ৰৰ ঘোষক দিব্বজ্যোতি বৰুৱা, ইমৰান হুছেইন, লেখক নবিন কলিতা, প্ৰণৱ বৰঠাকুৰ, বিমান মজুমদাৰকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। ৰেডিঅ’বিতৰণ কাৰ্যসূচীত প্ৰয়াত শিল্পী পূৰৱী বেজবৰুৱা বৰঠাকুৰ সোঁৱৰনী ৪টা, দাঁতা- প্ৰণৱ বৰঠাকুৰ, প্ৰয়াত শংকৰী সংস্কৃতিৰ সাধক মহৎ চন্দ্ৰ ডেকা আৰু বিমলা ডেকা সোঁৱৰণী, দাঁতা- মিলেশ্বৰ ডেকা ২ টা, প্ৰয়াত ধৰ্মেশ্বৰ শৰ্মা আৰু ৰুমী দেৱী সোঁৱৰণী, দাতা- গীতামনী শৰ্মা ২ টা, প্ৰয়াত তৰা দেৱী আৰু কৌশিক কিশোৰ নাথ সোঁৱৰণী, দাঁতা- দাদুল নাথ, প্ৰয়াত বিজুবালা শইকীয়া সোঁৱৰণী, দাতা- শান্তামনি শইকীয়া, আৰু প্ৰয়াত তুলেন্দ্ৰ বনিয়া সোঁৱৰনী, দাঁতা- দন্দধৰ হাজৰিকা, দিব্যাৰাণী হাজৰিকা, প্ৰয়াত জামচেদ আলি সোঁৱৰণী, দাতা- জাকিৰ আনচাৰীয়ে আগবঢ়োৱা তেৰটা ৰেডিঅ’ ক্ৰমে বৰহমপুৰ অন্ধ বিদ্যালয়, কামপুৰ উন্নতি সাধিনী সভা, গ্ৰাম্য পুথিভঁৰাল নগাঁও, সঞ্জয় ঠাকুৰ, জাজৰি, ডম্বৰু হীৰা পাঘালী মৰিগাঁও, বেবেজীয়া, নগাঁও কেন্দ্ৰীয় কাৰাগাৰ আদি ১৩ টা স্থানলৈ ৰেডিঅ’ বিতৰণ কৰে ।উক্ত অনুষ্ঠানত উদিয়মান শিল্পী কুমাৰ কিশোৰ, শান্তামনি শইকীয়া, জাকিৰ আনচাৰীয়ে একোটিকৈ গীত পৰিবেশন কৰে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.