ৰেডিঅ’ দিৱস উদযাপন

0 116

আজি নগাঁৱত কেইগৰাকী মান মননশীল পাঠকৰ প্ৰচেষ্টাত আজি বিশ্ব ৰেডিঅ’ দিৱস পালন কৰা হয়।তদুপলক্ষ্যে হয়বৰগাৱঁত অৱস্থিত এক্সেল চিনিয়ৰ চেকেণ্ডেৰী স্কূলৰ সভাগৃহত এখনি সভা অনুষ্ঠিত হয়।এই সভাতে মধ্য অসম ৰেডিঅ’,শ্ৰোতা সংঘ গঠন কৰা হয় ।

উল্লেখ্য যে ৰেডিঅ’ৰ জনপ্ৰিয়তা আৰু সামাজ ব্যৱস্থাত ৰেডিঅ’ৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দি বিশ্ব ৰেডিঅ’ দিৱসৰ দিনাই মধ্য অসম ৰেডিঅ শ্ৰোতা সংঘ নামেৰে এক সামাজিক অনুষ্ঠান গঠন হোৱা কথাই যথেষ্ট তাৎপৰ্য বহন কৰিছে বুলি বিশিষ্ট লেখক নিখিল ৰঞ্জন গোস্বামীয়ে মত প্ৰকাশ কৰে।বিশেষকৈ সুপ্ত প্ৰতিভা সমূহৰ বিকাশৰ ক্ষেত্ৰত ই সহায়ক হ’ব বুলি ভাষণ প্ৰসঙ্গত তেওঁ ব্যক্ত কৰে।

অনুষ্ঠানটিৰ আৰম্ভণিতে আয়োজকৰ ফালৰ পৰা কিৰণ চন্দ্ৰ নাথে মধ্য অসম ৰেডিঅ শ্ৰোতা সংঘ গঠনৰ প্ৰয়োজনীয়তাৰ বিষয়ে অৱগত কৰাৰ পিছতে আমন্ত্ৰিত অনাতাঁৰ শিল্পী দেৱকান্ত শইকীয়াই পৰিবেশন কৰা ফুলগুৰি ধেৱা নাটকৰ এটি গীতে উপস্থিত সকলোকে আপ্লুত কৰে ।

আকাশবাণী নগাঁও কেন্দ্ৰৰ মূৰব্বী নিশাৰানী বৰুৱা,অনুষ্ঠান কাৰ্যবাহী গৌতম নাথ,বিশিষ্ট সংগীত পৰিচালক তথা এক্সেল একাডেমীৰ মূখ্য উপদেষ্টা ছাইফুল ইছলাম বৰুৱা,সাংবাদিক ৰাহুল দেৱ বৰদলৈ,আকাশবাণীৰ ঘোষক তনজিদা বেগম আৰু বিমান মজুমদাৰ ,হয়বৰগাওঁ প্ৰেছ ক্লাবৰ সম্পাদক অবিনাশ বৰা প্ৰমূখ্যে ব্যক্তি সকলে অংশ গ্ৰহণ কৰে।ভাষণৰ মাজতে সংগীত পৰিচালক চাইফুল ইছলাম বৰুৱাই পৰিবেশন কৰা আইৰ সমান হ’ব কোন শীৰ্ষক গীতটিয়ে সকলোকে আপ্লুত কৰি তোলে।উল্লেখ্য যে ২০১১ চনৰ পৰা এই দিনটো ৰাষ্ট্ৰংঘই বিশ্ব ৰেডিঅ’ দিৱস হিচাপে ঘোষণা কৰে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.