ৰেলৱে উৰণ-সেঁতু নিৰ্মাণ আৰু অন্যান্য বিষয় সন্দৰ্ভত ৰেলৱেৰ বিষয়ববীয়াৰ সৈতে প্ৰশাসনৰ গুৰুত্বপূৰ্ণ বৈঠক

0 227

ৰঙিয়া চহৰৰ দুটা ব্যস্ততম পথত দুখন ৰেলৱে অভাৰব্ৰীজ নিৰ্মাণ আৰু অন্যান্য কেতবোৰ বিষয় সন্দৰ্ভত ৰঙিয়াৰ মহকুমাধিপতিৰ কাৰ্যালয়ত আজি এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। মহকুমাধিপতি জাৱিৰ ৰাহুল সুৰেশৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ ৰঙিয়া সংমণ্ডলৰ বিষয়ববীয়াসকলৰ লগতে লোক নিৰ্মাণ (পথ) বিভাগ, ৰাজহ বিভাগ, ৰঙিয়া পৌৰসভাৰ বিষয়ববীয়াসকলে চহৰখনৰ এছ কে-১২ আৰু এছ কে-১৪ নং ৰে’ল গে’ট দুখনৰ স্থানত উৰণ-সেঁতু নিৰ্মাণ কৰা তথা নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পিছত সংশ্লিষ্ট গে’ট দুখন বন্ধ কৰা সন্দৰ্ভত নিজৰ মতামত আগবঢ়ায়। ভৱিষ্যতৰ ক্ৰমবৰ্ধমান যান-বাহনৰ বোজা বহন কৰিব পৰাকৈ প্ৰস্তাৱিত উৰণ-সেঁতু দুখন সম্ভৱস্থলত আহল-বহলকৈ নিৰ্মাণৰ পৰিকল্পনা গ্ৰহণ কৰিবলৈ মহকুমাধিপতিগৰাকীয়ে লোক নিৰ্মাণ বিভাগক পৰামৰ্শ আগবঢ়ায়। আনহাতে ৰঙিয়া চহৰত দিনৰ ভাগত গধুৰ মালবাহী বাহনৰ প্ৰৱেশ নিয়ন্ত্ৰিত কৰাৰ পদক্ষেপ সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। আনহাতে ৰে’লৱে, লোক নিৰ্মাণ (পথ) বিভাগ আৰু ৰঙিয়া পৌৰসভাৰ সন্মিলিত উদ্যোগত অনতিপলমে ৰঙিয়া চহৰৰ, বিশেষকৈ ৰে’লৱে অধ্যুষিত অঞ্চলসমূহৰ বাট-পথ, নলা-নৰ্দমা, জলাশয় আদিৰ এক বিস্তৃত জৰীপ চলোৱা সন্দৰ্ভতো আজিৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই ক্ষেত্ৰত এৰিয়েল চাৰ্ভেৰ বাবে মহকুমা প্ৰশাসনে প্ৰয়োজনীয় ড্ৰোনৰ যোগান ধৰিব বুলি মহকুমাধিপতিগৰাকীয়ে জানিবলৈ দিয়ে। পাৰস্পৰিক স্বাৰ্থজড়িত আন কেতবোৰ গুৰুত্বপূৰ্ণ বিষয়েও আলোচনাত স্থান পোৱা আজিৰ এই বৈঠকত ৰঙিয়াৰ পৌৰপতি অমৰেন্দ্ৰ লহকৰ, কাৰ্যবাহী দণ্ডাধীশ চম্পক ডেকা, চক্ৰ বিষয়া লীনা পাৱে, লোক নিৰ্মাণ (পথ) সংমণ্ডল, ৰঙিয়াৰ কাৰ্যবাহী অভিযন্তা দীপক বৈশ্য, উত্তৰ-পূব সীমান্ত ৰে’লৱে, ৰঙিয়াৰ সাংমণ্ডলিক অভিযন্তা গৌৰৱ সিঙকে ধৰি সংশ্লিষ্ট বিভাগসমূহ আৰু মহকুমা প্ৰশাসনৰ অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই

Leave A Reply

Your email address will not be published.