বিশ্ব এজমা সজাগতা মাহ উপলক্ষে এপ’ল হস্পিতাল গুৱাহাটীৰ পান’মলজি বিভাগে এজমা ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে আজি ৰাতিপুৱা এক ৱাকথন আয়োজন কৰে। হস্পিতালৰ সন্মুখৰ পৰা আৰম্ভ কৰা এই কাৰ্য্যসূচীত চিকিৎসকৰ লগতে হস্পিতালৰ সকলো কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। কাৰ্য্যসূচীত অংশগ্ৰহণ কৰি কনচাল্ট পান’মলজিষ্ট ডাঃ কৃপেশ ৰঞ্জন শৰ্মাই কয় যে যদি কোনো ৰোগীয়ে দীৰ্ঘদিন ধৰি কাহি থাকে আৰু উশাহ লোৱাত কষ্ট পায় তেতিয়া অনতি পলমে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে আৰু উচিত ঔষধ সেৱনৰ জৰিয়তে এজমা ৰোগী এজনে সহজে উপশম পাব পাৰে। এই উপলক্ষে হস্পিতালত আজি দিনটো ৰোগী সকলৰ হাওফাওৰ কাৰ্য্যকৰিতাৰ পৰীক্ষা বিনামূলীয়াকৈ কৰা হয়। লগতে হস্পিতালত এখন চি এম ই ৰো আয়োজন কৰা হয়। বিভিন্ন বিভাগৰ প্ৰায় ২৹ গৰাকী চিকিৎসক উপস্থিত থকা এই অনুষ্ঠানৰ বিষয় দিফিকাল্ট এজমা অৰ্থাৎ জটিল এজমাৰ সন্দৰ্ভত ডাঃ শৰ্মাই বক্তব্য আগবঢায়।
Trending
- গুৱাহাটীত আই এছ ভি আই আৰৰ উত্তৰ পূব অধ্যায়ৰ মধ্য কালীন অধিবেশন ২০২৫ মুকলি কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা