কাতি বিহুৰ শুভেচ্ছাৰে

0 452

তুলসীৰ তলে,

মৃগ পহু চৰে

তাকে দেখি ৰামচন্দ্ৰই

হৰ ধনু ধৰে ।।

কাৰ ঘৰত, লগাই চাকি

গোঁসাই ফুৰে দিনে ৰাতি

অ’ ৰাম, অ’ ৰাম

ৰাম ৰাম ৰাম।।

IMG-20161017-WA0012

তুলসী তলত বহি এনে ধৰণে কণ কণ ল’ৰা ছোৱালীয়ে, জাউৰি জাউৰিয়ে ঘৰে ঘৰে গৈ সন্ধ্যা সময়ত প্ৰাৰ্থনা, নাম গোৱা পৰ্ব আমাৰ অসমীয়া চহা জীৱনত পৰম্পৰাগত ভাবে চলি আহিছে। আজি কাতি বিহু । তুলসী তলত, ধাননি পথাৰত, ভৰাল ঘৰত আদিত এগচি কৈ চাকি জলাই প্ৰতিজন অসমীয়াই বাপতি সাহোনক উদযাপন কৰে। সাধাৰণতে কাতি বিহু, কৃষিভিত্তিক উৎসৱ। সেয়েহে গ্ৰাম্যঞ্চলত কাতি বিহু উদযাপন এক ঐতিহাসিক পৰম্পৰা আজিও বিদ্যমান । বহুসময়ত নগৰীয়া সমাজৰ কাতি বিহু পৰম্পৰাত কিছু আচোৰ পৰা বাতৰি শুনা যায়। তেনে এক সময়তে, নগাঁৱত স্বাভিমানী সমাজৰ উদ্যোগত নগাও চহৰৰ মাজ মজিয়াত কেঞাপট্ৰিত সমুহীয়া ভাবে কাতি বিহু উদযাপন কৰা বাতৰিয়ে সকলোকে আনন্দিত কৰি তুলিছে। উল্লেখযোগ্য যে নৱ প্ৰজন্মৰ মাজত এই পৰম্পৰা বিলাই দিয়াৰ ঊদ্দেশ্যে আয়োজন কৰা হৈছে বুলি শিৱ প্ৰসাদ বৰাই জানিবলৈ দিছে।

IMG-20161017-WA0015

কাতিৰ আলোকে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি শান্তিৰ বতৰা। কৃষিজীৱী ৰাইজৰ  মন আশাৰ সোনগুটিৰে উপচি পৰক NE Focus ৰ ফালৰ পৰা আমি জনালোঁ আপোনালৈ অলেখ শুভকামনা।

Leave A Reply

Your email address will not be published.