অসমত উপস্থিত হৈছে বলিউডৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোছন। চাৰ্টাৰ্ড ফ্লাইটেডেৰে তেজপুৰৰ বায়ুসেনাৰ ঘাটিত উপস্থিত হয় অভিনেতাগৰাকী। ‘Fighter’ ছবিখনৰ দৃশ্যগ্ৰহণৰ বাবে আজি তেওঁ আহি উপস্থিত হয় তেজপুৰত। জানিব পৰা মতে এই ছবিখনত হৃত্বিকে এগৰাকী বায়ু সেনাৰ পাইলটৰ চৰিত্ৰত অভিনয় কৰিব। তেওঁৰ লগতে অসমলৈ আহিছে ছবিখনৰ পৰিচালক সিদ্ধাৰ্থ আনন্দ। উল্লেখ্য যে এই ছবিখনত হৃত্বিক ৰোছনৰ সৈতে অভিনয় কৰিব বলিউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকনে।তথ্য অনুসৰি ১০ দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত থাকিব ফাইটাৰ ছবিখনৰ দলটো। চিত্ৰগ্ৰহণৰ বাবে নিৰ্বাচিত হোৱা স্থানত অৰ্থাৎ অসমৰ তেজপুৰৰ বায়ুসেনা ঘাটীত অভিনেত্ৰী দীপিকা পাডুকন আৰু অনিল কাপুৰে আহি পোনে পোনে তেওঁলোকক যোগদান কৰিব।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা