শোণিতপুৰ জিলাৰ ঠেলামৰাৰ কাঠনিবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী পল্লবী নেওগ বৰাই অসমৰ পৰা ২০২০ চনৰ ‘Global Teaching Excellence Award’ লাভ কৰিছে।বিগত বৰ্ষত কৰোনা অতিমাৰীৰ বাবে শিক্ষানুষ্ঠান সমূহ বন্ধ থকাৰ সময়ত অনলাইন যোগে ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই অহা সেৱা আৰু ইউ কে ত অৱস্থিত ‘হায়াৰ এডুকেচন একাডেমীয়ে’ আয়োজন কৰা কেইবাখনো আন্তঃৰাষ্ট্ৰীয় চেমিনাৰত সম্পূৰ্ণ নিজা শৈক্ষিক কৌশলৰে ছাত্ৰ-ছাত্ৰীক স্বাবলম্বী হোৱাৰ কাৰণে আগবঢ়োৱা পৰামৰ্শ পত্ৰৰ বাবে তেখেতে এই বঁটা লাভ কৰিছে।লকডাউনৰ সময়চোৱাত বিভিন্ন স্তৰৰ ছাত্ৰ ছাত্ৰীক স্বাৱলম্বী হবলৈ উৎসাহিত কৰাৰ কাৰণে ব্যতিক্ৰমী প্ৰচেষ্টাৰে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ছাত্ৰ ছাত্ৰীৰ লগত আলোচনাত মিলিত হৈছিল। ইতিমধ্যে তেখেতে ‘সপোনৰ স্বাৱলম্বী অসম’ নামৰ কিতাপ এখনো লিখি উলিয়াইছে।তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন