TikTok ৰ সদৃশ এপ প্ৰস্তুত কৰি চৰ্চালৈ আহিছে অসমৰ তিনি যুৱ প্ৰতিভা

0 264

ভাৰতত tik tok ৰ কিমান জনপ্ৰিয় আছিল সেয়া সকলোৰে জ্ঞাত।কিন্তু tik tok নিষিদ্ধ কৰা পিছত অসমৰ তিনিজন ইঞ্জিনিয়াৰিং ছাত্ৰই নিৰ্মাণ কৰিছে tik tok সদৃশ এটি এপ।এই এপটো নাম হৈছে Tip Teapi । এই এপটো সাইলাখ tik tok ৰ দৰেই।যাৰ জৰিয়তে য়ুজাৰে গুগুল প্লেষ্ট’ৰত ডাউনলোড কৰি বিনামূলীয়াকৈ tik tok ৰ দৰে ব্যৱহাৰ কৰিব পাৰিব।
এই এপটো কালি আনুষ্ঠানিক ভাৱে মুকলি কৰে যোৰহাট প্ৰেছ ক্লাৱত। উল্লেখযোগ্য যে এই এপটো লগত জড়িত হৈ আছে তিনিগৰাকীকৈ ইঞ্জিনিয়াৰিংৰ শিক্ষাৰ্থী। তেওঁলোক হৈছে দেৰগাঁৱৰ শাস্বতী কটকী,যোৰহাটৰ অমৰজ্যোতি গৌতম আৰু ডিব্ৰুগড়ৰ হিমাংগ মধুকল্যা।উল্লেখযোগ্য যে এই সমগ্ৰ এপটো প্ৰস্তুত কৰোতে সহায় কৰিছিল যোৰহাট ইঞ্জিনিয়াৰিংৰ এগৰাকী প্ৰাক্তন ছাত্ৰ। তেওঁ এই এপটো গঠনৰ বাবে ১০ লাখ টকা সাহাৰ্য্য আগবঢ়াইছিল। এপটো প্ৰস্তুত কৰোতে প্ৰায় ৬ মাহ লাগিছিল।এই এপটো পৰৱৰ্তী সময়ত ভাৰতৰ বাহিৰতো মুকলি কৰা পৰিকল্পনা কৰিছে।

Leave A Reply

Your email address will not be published.