ইতিবাচক পদক্ষেপৰে

0 391

2

ডাইনী হত্যা ৰোধ কৰা তথা জনসাধাৰণৰ মাজত সজাগতা অনাৰ অৰ্থে অংগীকাৰ ফিল্মচৰ বেনাৰত নিৰ্মাণ হৈছে “এই মাটিতে” শীৰ্ষক এখন চিনেমা। কল্পনা আৰু বাস্তৱ কাহিনীৰ সংমিশ্ৰণত এই চিনেমাখন নিৰ্মিত হৈছে। অহা নবেম্বৰ মাহত এই চিনেমাখনে মুক্তি লাভ কৰিব। এই মন্তব্য কথাছবিৰ পৰিচালক ড সীতাৰাম লহকৰৰ। উল্লেখযোগ্য যে আজি গুৱাহাটী প্ৰেছ ক্লাৱত “এই মাটিতে” ৰ অফিচিয়েল টীজাৰ উন্মোচন হয়। এই চিনেমা খনত কাম কৰিছে ড এ নাগৰাজে আৰু শব্দ সংযোগ কৰিছে দেৱব্ৰত চলিহাই। স্মতৰ্ব্য যে নৱ প্ৰজন্ম আৰু মহিলা সকলক চিনেমাখনত বিশেষকৈ গুৰুত্ব দিয়া হৈছে।

1

অসমত এচাম লোকৰ স্বাৰ্থতে ডাইনী হত্যা নিচিনা সমস্যাটো বৰ্ত্তি আছে। ডাইনী বুলি একো নাই। কেৱল কুসংস্কাৰ- অন্ধবিশ্বাসৰ বাবেহে ই সমাজত জীয়াই আছে। যাক নিঃশেষ কৰিব লাগিব সমাজে। ইয়াকে চিনেমাখনৰ জৰিয়তে প্ৰকাশ কৰিছে।

3

আনহাতে, নমামী ব্ৰক্ষ্মপুত্ৰৰ উৎসৱ উপলক্ষে কছাৰী ঘাটত প্ৰস্তুতি তুংগত উঠিছে। আজি কছাৰী ঘাটত উপস্থিত হৈ বুজ লৈছিলো সমূহ পৰিবেশৰ। দেখা গৈছিল প্ৰায় ৬০ খন মান জাতি জনজাতীয় খাদ্যসম্ভাৰৰ ষ্টলৰ ব্যৱস্থা কৰাৰ বিষয়ে। লণ্ডনৰ পৰা অনা এটা ডোমত (বেলুন সদৃশ) ব্ৰক্ষ্মপুত্ৰ লগত সম্পৰ্কিত চিনেমা প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। লগতে পৰম্পৰাগত খেল যেনে পেং খেল, খুটাত বোৱা খেল, ধুপ খেল প্ৰদৰ্শিত হ’ব। বিভিন্ন জাতি জনজাতি কলা সংস্কৃতি প্ৰদৰ্শিত হ’ব। এই সন্দৰ্ভত পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জনায় যে নমামী ব্ৰক্ষ্মপুত্ৰৰ উৎসৱত যোগ গুৰু ৰামদেৱ, ধৰ্মগুৰু দালাই লামা, ৰাষ্ট্ৰপতি প্ৰনৱ মুখাৰ্জীয়ে এই উৎসৱত অংশ ল’ব। সমূহ ৰাইজৰ বাবে বিনামুলীয়া প্ৰৱেশৰ ব্যৱস্থা থাকিব। লগতে সকলোৰে সহায় সহযোগিতা কামনা কৰিছে।

এনে ধৰণৰ ইতিবাচক খবৰৰ বাবে চাবলৈ নাপাহৰিব www.nefocus.com

Leave A Reply

Your email address will not be published.