কালি অন্ত পৰিল জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা চতুৰ্থ জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ ।মহানগৰীৰ কলাক্ষেত্ৰৰ বাকৰিত তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা সমাৰোহ খনত বিভিন্ন জাতি জনগোষ্ঠীৰ শোভাযাত্ৰা, সাংস্কৃতিক সন্ধিয়া আদি অনুষ্ঠিত হয়।অন্তিম দিনৰ কাৰ্য্যসূচীৰ বৈঠকত উপস্থিত থাকি বিশিষ্ট সাহিত্যিক ডক্টৰ হীৰেন গোহাঁইয়ে মন্তব্য কৰে যে শিল্প সংস্কৃতিৰ বিকাশ হ’লেহে এটা জাতিৰ উন্নতি পৰিচায়ক হ’ব ।ঐক্য আৰু কৰ্মস্পৃহাই মানৱ জাতিক উত্তৰণত সহায় কৰে।সদায়ে চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰাটো উচিত নহয় বুলি তেখেতে মন্তব্য প্ৰকাশ কৰে।আনহাতে বিশিষ্ট সাহিত্যিক ময়ুৰ বৰাই কয় যে সম্প্ৰতি সময়ত জাতি জনগোষ্ঠীয়ে কৰা আত্মসমৰ্পণৰ বাবে অসমীয়া জাতি অস্তিত্বৰ সংকটত পৰিছে। সুধাকণ্ঠৰ গানত থকা অগ্নিযুগৰ ফিৰিঙতি আজিৰ মানুহৰ মাজত নোহোৱাৰ উপক্ৰম হৈছে ।সামৰণি অনুষ্ঠানত অনুষ্ঠিত কৰা সভাত বীৰেণ সিংহ, শশীধৰ দহোটীয়া আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী