৫ মে’ত সৰ্বভাৰতীয় পৰ্যায়ত National Eligibility Cum Entrance Test (NEET) পৰীক্ষা অনুষ্ঠিত কৰা হ’ব। ৰাজ্যখনৰ অন্যান্য পৰীক্ষা কেন্দ্ৰসমূহৰ লগতে তেজপুৰস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আইএম টি, তেজপুৰ পৰীক্ষাকেন্দ্ৰতো উক্ত পৰীক্ষা অনুষ্ঠিত হ’ব। মহাবিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হয় যে, পৰীক্ষাৰ সময়ছোৱাত উপস্থিত থকা অভিভাৱক সকলৰ উদ্দেশ্যে সেইদিনা প্ৰতিষ্ঠানখনত এখনি কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত কৰা হ’ব। দিনৰ ২:৩০ বজাৰ পৰা মহাবিদ্যালয়ৰ পেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া উক্ত সভাখনত কেৰিয়াৰ সম্পৰ্কীয় বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়াব মহাবিদ্যালয়খনৰ অধ্যক্ষ তথা ৰাজ্যখনৰ আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা ড° বুলজিৎ বুঢ়াগোহাঁয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন PPP (Public Private Partnership) আৰ্হিত স্থাপিত শিক্ষা প্ৰতিষ্ঠানখনৰ প্ৰতিটো বিভাগৰ মুঠ আসন, চৰকাৰীভাৱে সংৰক্ষিত আসন আদিৰ বিষয়ে বিতং ভাৱে জানিবলৈ আগ্ৰহী অভিভাৱকসকলে উক্ত সভাত অংশগ্ৰহণ কৰিব পাৰিব।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত