আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস।সমগ্ৰ দেশতে ১৯৯১চনৰ পৰা এই দিৱস উদযাপিত হৈ আহিছে ।এই দিৱস পালনৰ যোগেদি চিকিৎসকৰ দায়িত্ব আৰু কৰ্তব্যবোধৰ সম্পৰ্কে সজাগ কৰি তোলা হয়।ৰোগী আৰু চিকিৎসকৰ মাজত সম্পৰ্ক সুদৃঢ় কৰাত এই দিৱসে বিশেষ ভূমিকা গ্ৰহণ কৰে ।চিকিৎসক সকলক ঈশ্বৰৰ পিছতেই জ্ঞান কৰা হয় অৰ্থাৎ চিকিৎসকসকলক পৃথিৱীৰ ভগৱান বুলি ধৰা হয়।কোনো ব্যক্তি অসুস্থ হৈ পৰিলে আমি তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰো।সেয়ে আমাৰ প্ৰত্যেকৰে জীৱনত চিকিৎসকে বিশেষ স্থান লাভ কৰি আহিছে ।আজি এই দিৱস পালনৰ গুৰিতে থকা ব্যক্তিজন হ’ল ডাক্তৰ বিধান চন্দ্ৰ ৰায়।তেখেত এসময়ত কলিকতাৰ মুখ্যমন্ত্ৰী আছিল।চিকিৎসক হিচাপে সমাজলৈ আগবঢ়োৱা সেৱাৰ বাবে ভাৰত ৰত্ন পাবলৈ সক্ষম হৈছিল।ইণ্ডিয়ান মেডিকেল এচ’চিয়েচনৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত ৰায়ে গুৰুত্ব পূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।তেখেতৰ কৰ্মৰাজীক শ্ৰদ্ধা জনায় এই দিৱস প্ৰতিবছৰে উদযাপন কৰা হয়।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন