নুমলীগড় ৰিফাইনেৰী লিমিটেডে ৰিফাইনেৰী অফ দ্যা ইয়েৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।যোৱা ১৭ জুলাইত দিল্লীত অনুষ্ঠিত হোৱা ডাউনস্ত্ৰীম ইণ্ডিয়া এক্সচিলেণ্ট এৱাৰ্ড লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনে ।দ্যা এনাৰ্জি এণ্ড ক্লাইমেট ইনিচিয়েটিভ চ’চাইটিৰ উদ্যোগত অনুষ্ঠিত গ্ল’বেল ৰিফাইনিং এণ্ড পেট্ৰকেমিকেলছ কংগ্ৰেছৰ অংশ স্বৰূপে এই বঁটা প্ৰদান কৰা হয়।ৰিফাইনেৰী ক্ষেত্ৰখনত আগবঢ়োৱা বিশেষ সাফল্যৰ বাবে এন আৰ এলক এই বঁটা প্ৰদান কৰে।এই বঁটা প্ৰদান কৰে পে’ট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ প্ৰাক্তন সচিব জি চি চতুৰ্বেদী আৰু ফেডাৰেচন অৱ ইণ্ডিয়ান পেট্ৰ’লিয়াম ইণ্ডাষ্টিৰ সঞ্চালক ডক্টৰ আৰ কে মালহোত্ৰাই।এই বিশিষ্ট ব্যক্তি সকলৰ পৰা বঁটা গ্ৰহণ কৰে এন আৰ এলৰ মুখ্য সমন্বয়ক ডি কে অধিকাৰীৰ নেতৃত্বত যোৱা এন আৰ এলৰ দলটোৱে।
Trending
- গুৱাহাটীত প্ৰথম উত্তৰ-পূৱ পেৰা স্পৰ্টচ মীট উদ্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান