৪০ বছৰৰ পিছত সংবাদ মেল অনুষ্ঠিত কৰিলে চলচ্চিত্ৰ সমাজে

0 499

অসমীয়া চলচ্চিত্ৰ উন্নয়ন, উত্তৰণ লক্ষ্যৰে আৰম্ভ হোৱা চলচ্চিত্ৰ নীতি কেবিনেটে অনুমোদন জনোৱা পিছত চলচ্চিত্ৰ সমাজে এখন সংবাদ মেল অনুষ্ঠিত কৰে।উল্লেখযোগ্য যে ৪০ বছৰৰ পিছত চলচ্চিত্ৰ সমাজে এনেদৰে সংবাদ মেল অনুষ্ঠিত কৰে।সংবাদ মেলত পৰিচালক ৰাজেশ ভূঞাই কয় যে এই নীতিৰ জৰিয়তে মালিক কৰ্তৃপক্ষ,প্ৰযোজক,কলাকুশলী উপকৃত হ’ব ।চলচ্চিত্ৰ নীতিৰ অন্তৰ্গত চিকিৎসাৰ ক্ষেত্ৰত ২লাখ টকাৰ বীমাৰ কথা সন্নিৱিষ্ট আছে।ই এক ডাঙৰ সকাহ যোগাব ।বন্ধ হৈ যোৱা হলসমূহ পুনৰ উজীৱিত কৰা প্ৰসংগই এক আশাৰ বতৰা কঢ়িয়াই আনিছে ।উক্ত সংবাদমেলত অভিনেতা ৰবি শৰ্মা, মলয়া গোস্বামী, মৃদুলা বৰুৱাকে ধৰি পৰিচালক ৰাজেশ ভূঞা, নেমকেয়াৰ হস্পিতালৰ পৰিচালন সঞ্চালক হিতেশ বৰুৱা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.