প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ কাম ৰূপায়ণৰ নামত যদিহে কোনো গাঁও পঞ্চায়তৰ প্ৰতিনিধি, দলৰ কোনো নেতা কৰ্মী তথা বিভাগীয় বিষয়াই ঘোচ বিচৰাৰ লগতে দুৰ্নীতি, অনিয়মৰ আশ্ৰয় লয় তেন্তে তেওঁলোক ৰঙাঘৰৰ আলহী হ’ব লাগিব। চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতিকাৰীক কেতিয়াও প্ৰশয় দিয়া নহ’ব । এয়া শোণিতপুৰ চাৰিদুৱাৰত অনুুুষ্ঠিত এখন সভাত কৰা চতিয়া বিধানসভা সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ মন্তব্য । উল্লেখ্য যে, সমগ্ৰ ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে কালি শোণিতপুৰৰ অসম অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ অঞ্চলৰ ক্ৰমে চাৰিদুৱাৰ, গড়মৰা, ভালুকমাৰী আৰু লোক্ৰা আদি চাৰিখনকৈ গাঁও পঞ্চায়তৰ এলেকাধীন নিৰ্বাচিত দৰিদ্ৰ হিতাধিকাৰীৰ বাবে সৰ্বমুঠ ৫৩০ টাকৈ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত গৃহৰ আধাৰশিলা আনুষ্ঠানিকভাৱে বিধায়ক হাজৰিকাই মাংগলিক অনুষ্ঠানৰ মাজেদি শুভাৰম্ভ কৰে। অনুষ্ঠানত বিভিন্নজন প্ৰতিনিধি, ৰাইজ উপস্থিত থাকে ।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন