সাহিত্যিক নীলমণি ফুকনক ডি লিট উপাধি প্ৰদান

0 676

অসমীয়া কাব্য সাহিত্য জগতৰ বিশিষ্ট ব্যক্তি নীলমণি ফুকনক ডিব্ৰুগড় বিশ্ববিদ্যালয়ে অলপতে ডি লিট সন্মান প্ৰদান কৰিছে।অসমীয়া সাহিত্য জগতলৈ তেখেতে আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ বাবে বিশ্ববিদ্যালয়ে এই সন্মান প্ৰদান কৰিছে।ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত তামুলীৰ নেতৃত্বত যোৱা এটা প্ৰতিনিধি দলে কবিগৰাকীৰ বাসগৃহত সাক্ষাত কৰি এই সন্মান প্ৰদান কৰে।উল্লেখযোগ্য যে ১৯৮১চনত তেখেতে কবিতা নামৰ কাব্য সংকলনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল ।

Leave A Reply

Your email address will not be published.