সমগ্ৰ বিশ্বৰ লগতে অসমতো আজি উদযাপিত হয় বিশ্ব ফটোগ্ৰাফী দিৱস ।গুৱাহাটী প্ৰেছ ক্লাৱত অসম ফটো সাংবাদিক সন্থাই এই দিৱস উদযাপন কৰে।ফটোগ্ৰাফী দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট চলচ্চিত্ৰ চিত্ৰ গ্ৰহণকাৰী অৰূপ মান্নাক সমৰ্দ্ধনা জনায়।সমৰ্দ্ধনা গ্ৰহণ কৰি অৰূপ মান্নাই কয় যে ফটোৱে বাস্তৱিক জগতখনক প্ৰকাশ কৰে।ই এক ইতিবাচক কলা।উল্লেখযোগ্য যে আজি গুৱাহাটী প্ৰেছ ক্লাবত ১৯জন ফটো সাংবাদিকৰ ৬৫খন ছবি প্ৰদৰ্শিত হৈছে।এই ফটো প্ৰদৰ্শনী খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে কামৰূপ মহানগৰ জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।এই অনুষ্ঠানৰ শুভাৰম্ভ অনুষ্ঠানত বিশিষ্ট শিক্ষাবিদ ডক্টৰ অমৰ জ্যোতি চৌধুৰী,জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, ভাস্কৰ্য শিল্পী বীৰেন সিন্হা, কামৰূপ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু,গুৱাহাটী প্ৰেছ ক্লাবৰ সম্পাদক নৱ ঠাকুৰীয়া উপস্থিত থাকে ।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন