ভাৰত চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগে কাৰিকৰী দিশত প্ৰসাৰৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে ।বিশেষকৈ উত্তৰ পূবক যথেষ্ট গুৰুত্ব দিছে।এই কথা সদৰী কৰি চেণ্টেল মেকানিকেল ইঞ্জিনিয়াৰিং ৰিচাৰ্জ ইনষ্টিটিউটৰ সঞ্চালক প্ৰচেফাৰ হৰিশ হিৰাণীয়ে কয় য়ে কৃষক সকলৰ সুবিধা প্ৰতি লক্ষ্য ৰাখি সৌৰচালিত টেক্টৰ নিৰ্মাণ কৰিছে, পানী পৰিষ্কাৰকৰণ ফিল্টাৰ, সৌৰ গছ আৰু বায়’ ডিজেল উৎপাদন কৰিছে।এই সম্পৰ্কে জানিবলৈ দি হিৰাণীয়ে কয় যে কোনো পেলনীয়া সামগ্ৰীয়ে অযোগ্য নহয় ।প্ৰত্যেক সামগ্ৰীয়ে ব্যৱহাৰৰ যোগ্য ।ইতিমধ্যে মিজোৰাম,অৰুণাচলৰ পাচীঘাট, নাহৰ লগুনত বিভিন্ন কাম আৰম্ভ কৰিছে।নৱেম্বৰ মাহত অৰুণাচল প্ৰদেশৰ জিঅ’ত এটা প্ৰকল্প আৰম্ভ কৰিব ।অসম চৰকাৰে যদি সহযোগ কৰে অসমতো এনে প্ৰকল্প আৰম্ভ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।জানিব পৰা মতে আৰ্চেনিকৰ মাত্ৰাৰ বাবে অসমে চতুৰ্থ স্থান অধিকাৰ কৰিছে ।স্মতব্য যে ইতিমধ্যে বিভাগৰ ফালৰ পৰা ভাৰতৰ বিভিন্ন ৰাজ্যত প্ৰকল্প আৰম্ভ হৈছে।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত