দুলীয়াজানৰ শিক্ষয়িত্ৰী নিজু ৰাভা গগৈক কৃৰ্তি শিক্ষকৰ বঁটাৰ বাবে ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচন নামৰ বেচৰকাৰী সংগঠনটোৱে নিৰ্বাচিত কৰিছে। অহা ৮ ছেপ্তেম্বৰত সংগঠনটোৱে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজন কৰা ‘শিক্ষক প্ৰশিক্ষকৰ সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জ্ঞাপন কৰিব। আনহাতে ১৫ ছেপ্তেম্বৰত গোৱাত অনুষ্ঠিত হ’বলগীয়া আন এক অনুষ্ঠানত ডিভাইন হেণ্ড ৱেলফেয়াৰ অৰ্গেনাইজেচনে তেওঁক কৃৰ্তি শিক্ষকৰ বঁটা প্ৰদান কৰিব। উল্লেখ্য যে দুলীয়াজানৰ পূব জালনী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী নিজু ৰাভা গগৈয়ে দীৰ্ঘদিনৰ পৰা শিক্ষক প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰি আহিছে। শিক্ষয়িত্ৰী নিজু ৰাভা গগৈৰ এই সাফল্যই বৃহত্তৰ দুলীয়াজানৰ লগতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
Trending
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত