গুগল প্লে ষ্টৰত উপলব্ধ টাই ভাষাৰ কী পেড

0 686

অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত অ়়ন্যতম গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা টাই ভাষা ডিজিটেল মাধ্যমৰ জৰিয়তে এতিয়া লিখিব পাৰিব।এই সুখবৰটো কঢ়িয়াই আনিছে ইউনিক’ডৰ কী পেড এপে।লখিমপুৰৰ ঘিলামৰাৰ উৎপল ফুকন নামৰ যুৱক জনে টাই ভাষা লিখিব পৰা কী বৰ্ড প্ৰস্তুত কৰি উলিয়াইছে ।জাহ্নৱী নামৰ প্ৰকল্পটোৰ জৰিয়তে তেখেতে ২০১৭ চনৰ পৰা কী পেড প্ৰস্তুতকৰণৰ প্ৰচেষ্টাত ব্ৰতী হৈ আছিল।অৱশেষত ১৯ আগষ্টত গুগল প্লে ষ্টৰ উপলব্ধ কৰিবলৈ সক্ষম হ’ল ।জানিব পৰা মতে গুগল প্লে ষ্টৰত অাহোম কী বৰ্ড বুলি উপলব্ধ ।উল্লেখযোগ্য যে তেখেতে ইতিপূৰ্বেও অসমীয়া ভাষা ডিজিটেলি প্ৰসাৰৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে ।

Leave A Reply

Your email address will not be published.