সংগীত নাটক অকাডেমীৰ ওস্তাদ বিচমিল্লা খাঁ যুৱ বঁটা প্ৰদান অনুষ্ঠান আৰু সংগীত নাটক উৎসৱ যোৱা ১৯ আগষ্টৰ পৰা ২৩ আগষ্টলৈ বিভিন্ন কাৰ্য্যসূচীৰে মণিপুৰৰ ইম্ফলস্থিত জৱাহৰলাল নৃত্য অকাডেমিত অনুষ্ঠিত হয়। ১৯ আগষ্টত পুৱা ১০ বজাত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত ভাৰতবৰ্ষৰ মুকাভিনয় ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুওৱাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ গৱেষক ছাত্ৰ কৰ্মৰত তথা বজালীৰ সন্তান কুলদীপ পাটগিৰীক সংগীত নাটক অকাডেমিৰ ওস্তাদ বিচমিল্লা খাঁ যুৱ বঁটা প্ৰদান কৰে মণিপুৰৰ ৰাজ্যপাল ডঃ নাজমা হেপটুল্লাই।অনুষ্ঠানত সংগীত নাটক অকাডেমিৰ অধ্যক্ষ শেখৰ সেন,সচিব ৰীতা স্বামীকে আদি কৰি ভাৰতবৰ্ষৰ কেবাজনো আগশাৰীৰ শিল্পী উপস্থিত থাকে ।পাঠশালাৰ কুলদীপ পাটগিৰীয়ে ইতিমধ্যে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ তৰফৰ পৰা জলপানি লাভ কৰাৰ লগতে ভাৰত চৰকাৰৰ উত্তৰ-পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ পৰা ‘যুৱ প্ৰতিভা শিল্পী’ বঁটাও লাভ কৰিছে।দেশে-বিদেশে কেবাটাও আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক আৰু যুৱ মহোৎসৱত পাটগিৰীয়ে মুকাভিনয় প্ৰদৰ্শন কৰি বঁটাও লাভ কৰিবলৈ সক্ষম হৈছে।সংগীত নাটক অকাডেমি বঁটা পাপক মইনুল হকৰ ছাত্ৰ কুলদীপ পাটগিৰীয়ে অসমৰ নৱ প্ৰজন্মৰ মুকাভিনয় শিল্পী সকলক লৈ “অসম মাইম এণ্ড স্কিট থিয়েটাৰ” নামেৰে ভাৰতবৰ্ষত অনুষ্ঠিত হোৱা কেবাটাও ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় মুকাভিনয় মহোৎসৱত অভিনয় কৰিছে।নিজস্ব শৈলীৰে মুকাভিনয়ৰ চৰ্চা কৰাৰ লগতে সাধুকথাৰ ওপৰত মুকাভিনয় প্ৰদৰ্শন কৰা কুলদীপ অসমৰ প্ৰথমজন মুকাভিনয় শিল্পী।ভাৰতীয় বিশ্ববিদ্যালয় সংস্থাৰ স্বীকৃতি প্ৰাপ্ত বিচাৰক কুলদীপ পাটগিৰীৰ পৰিচালনাত বিশ্ববিদ্যালয়ৰ দলে ২০১৩ চনৰ পৰা ২০১৯ চনলৈকে একেৰাহে পূৱ মাণ্ডলিক আন্তঃ বিশ্ববিদ্যালয় যুৱ মহোৎসৱত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে।অনুষ্ঠানৰ লগত সংগতি ৰাখি সংগীত নাটক অকাডেমীয়ে আয়োজন কৰা সংগীত নাট মহোৎসৱত যোৱা ২৩ আগষ্টত কুলদীপ পাটগিৰীৰ পৰিচালনাত ‘নিৰ্বাক চতুৰ্ভুজ’ মুকাভিনয় প্ৰদৰ্শন কৰি মণিপুৰ তথা ভাৰতবৰ্ষৰ আগশাৰীৰ শিল্পী সকলৰ পৰা ভূয়সী প্ৰসংশা লাভ কৰে।মূলত চাৰিখন মুকাভিনয়,সীতাহৰণ,চকা,চুৰ-পুলিচ আৰু মা কালীত অভিনয় কৰা শিল্পীসকল আছিল কংকন তালুকদাৰ, ভূপেশ ডেকা, মনজিৎ কাকতি, প্ৰিতম তহবিলদাৰ,বৰষা শৰ্মা, ৰিংকু মালাকৰ আৰু মধুস্মিতা মহন্ত। পোহৰ নিৰ্দেশনাত মুকাভিনেতা শৈলেন কাকতি আৰু সংগীত ব্যৱস্থাপনাত আছিল কৃষা বৰুৱা, জোনালী তালুকদাৰ আৰু চম্পক বৰদলৈ।কুলদীপ পাটগিৰীৰ এই সাফল্যৰ বাবে অসমৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অভিনন্দন জ্ঞাপন কৰিছে।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা