ব্যক্তিগত প্ৰচেষ্টাত বৰগছ ৰোপন কৰিলে

0 276

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পুব বনাঞ্চল অগৰাতলিৰ সীমাত গৰুমৰা জানৰ পাৰত কালি দেৱজিত গগৈৰ ব্যক্তিগত উদ্যোগত বৰগছৰ পুলি ৰোপন কৰা হয় ৷ বন্যপ্ৰাণীৰ বাবে অতি প্ৰয়োজনীয় বুলি বিবেচিত বৰগছৰ ২০ টা পুলি সোমবাৰে ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰত গৰুমৰা জানৰ পাৰত আনুষ্ঠানিক ভাৱে ৰোপন কৰা হয় ৷ এই উপলক্ষ্যে অগৰাতলি বনাঞ্চলৰ প্ৰৱেশ দ্বাৰত আয়োজিত এক অনুষ্ঠানত পুৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়া , গোলাঘাট জিলাৰ অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়া , গোলাঘাটৰ জেষ্ঠ সাংবাদিক প্ৰকৃতিবিদ অপুৰ্ব বল্লভ গোস্বামী , সহকাৰী বন সংৰক্ষক অৰুণ বিঘ্নেশ , ঋতুপৱন বৰা, বানাঞ্চলিক বিষয়া বিদ্যুত বিকাশ বৰা , বিশিষ্ট সমাজকৰ্মী দিলৱাৰ হুছেইন,বোকাখাতৰ সাংবাদিক ,দিব্যজ্যোতি হাজৰিকা আৰু সুদিপ্ত তামুলী উপস্থিত থাকে ৷ ক্ৰমে নাইকীয়া হৈ যোৱা বৰগছৰ ২০ টা পুলি অতি কষ্টৰে সংগ্ৰহ কৰি আজি গৰুমৰা জানৰ পাৰত বন্যপ্ৰাণীৰ লগতে পৰ্যটকৰ সহায় হোৱাকৈ ৰোপণ কৰা বুলি দেৱজিত গগৈয়ে জনায় ৷ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে দেবজিত গগৈৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে এই বৰগছে বানাক্ৰান্ত অঞ্চলটোত গঢ়াখহনীয়া ৰোধ কৰাৰ উপৰিও প্ৰায় ৬০ সংখ্যক চৰাইৰ প্ৰজাতিক আহাৰ যোগানো ধৰিব বুলি মন্তব্য কৰে ৷ বৰগছে একোখন কাঠনিৰ কাম কৰে ৷ বৰগছ উৎপাদনত বন বিভাগ সফল হ’ব নোৱাৰাৰ বাবে মই অতি কষ্টৰে বৰগছ সংৰক্ষণ প্ৰচেষ্টা হাতত লৈছো বুলি মন্তব্য কৰে বৰ গছ ৰোপনৰ অন্যতম উদ্যোগতা দেৱজিত গগৈয়ে ৷ অনুষ্ঠানত ডি এফ অ’ ৰোহিনী বল্লভ শইকীয়াৰ লগতে উপস্থিত সকলোয়ে গৰুমৰা জানৰ পাৰত বৰগছৰ পুলি ৰোপন কৰে ৷

Leave A Reply

Your email address will not be published.