গুৱাহাটীত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্য্যায়ত অনুষ্ঠিত হ’ব তৃতীয় গুৱাহাটী আন্তৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ। এই সম্পৰ্কে অনুষ্ঠিত কৰা সংবাদ মেলত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে কয় যে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ এই মহোৎসৱখনত প্ৰায় ৬৫ খন দেশৰ ১০০ খন চলচিত্ৰ প্ৰদৰ্শিত হ’ব। ৩১ অক্টোবৰৰ পৰা ৬ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব লগা চলচিত্ৰ মহোৎসৱখন কলাক্ষেত্ৰ আৰু জ্যোতি চিত্ৰবনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব। ১২ খন দেশৰ ৰাষ্ট্ৰদূতে অংশ গ্ৰহণ কৰিব। এইবাৰৰ চলচিত্ৰ মহোৎসৱৰ কাণ্টি অফ ফ’কাচ হিচাপে ইৰাণ দেশৰ চলচিত্ৰ থাকিব। ইউৰোপীয়া চলচিত্ৰ নিৰ্মিতা পোলোণ্ডৰ খ্ৰীষ্টফ জানুচীয়ে অংশ গ্ৰহণ কৰিব। চলচিত্ৰ মহোৎসৱৰ প্ৰতিযোগিতাত এইবাৰ ভাৰত, বাংলাদেশ, ছাৰ্বিয়াৰ তিনিজন পৰিচালক উপস্থিত থাকিব।আনহাতে বিশিষ্ট শিক্ষাবিদ টাবুৰাম টাইদৰ স্মৃতিত স্মৃতিসৌধ নিৰ্মাণ হ’ব।স্মৃতিসৌধ লগত সংলগ্ন কৰি দৃশ্য শ্ৰাব্য পুথিভঁৰাল আৰু সংগ্ৰহালয় নিৰ্মাণ কৰিব ।এই মন্তব্য সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলেৰ ।
Trending
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী