সমগ্ৰ ৰাজ্যৰ লগতে আজি তেজপুৰতো আনুষ্ঠানিকভাৱে মুকলি কৰা কৰা হ’ল গৰুৰ পোষ্টাৰ। কিন্ত কি এই গৰু! অসমৰ যুৱ নাট্যকাৰ হিমাংশু প্ৰসাদ দাসৰ পৰিকল্পনা আৰু পৰিচালনাৰ লগতে চাহজাহানৰ কাহিনীৰে অহা ২৪ জানুৱাৰীত অসমৰ আটাইকেইটা চিত্ৰগৃহতে মুক্তি পাব অসমীয়া ব্যতিক্ৰমী তথা হাস্যমুধুৰ চলচিত্ৰ” গৰু(ধিক্কাৰ এই জীৱন)”। ইতিমধ্যে চলচিত্ৰ খনিৰ প্ৰায় কাম প্ৰায় সম্পূৰ্ণ উঠিছে। আজি সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে তেজপুৰ চহৰৰ মাজমজিয়াৰ মিচন চাৰিআলিত আনুষ্ঠানিকভাৱে মুকলি কৰা হ’ল গৰুৰ পোষ্টাৰ। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসমৰ চলচিত্ৰ জগতৰ জেষ্ঠ অভিনেতা অৰুন নাথকে প্ৰমুখ্যে অসমীয়া চলচিত্ৰৰ বহুতো অনুৰাগী। হিমাংশু প্ৰসাদ দাসৰ এই গৰু নামৰ চলচিত্ৰখনিত অভিনয় কৰিছে অসমৰ চলচিত্ৰ জগতৰ জেষ্ঠ অভিনেতা বাহাৰুল ইচলাম,অৰুন নাথ,পাকিজা বেগম,লনিশ্ৰী দাস,কমল পৰানকে ধৰি বহুকেগৰাকী নবীন প্ৰবীন শিল্পীয়ে। উল্লেখ্য যে অহা ২৪ জানুৱাৰীত মুক্তি পাবলগীয়া এই ছবিখনে একেলগে ১০০০ টা দৰ্শনী মুকলি কৰা হ’ব বুজি প্ৰযোজক অাৰু পৰিচালক হিমাংশু প্ৰসাদ দাসে জানিবলৈ দিছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি