এখন ভিতৰুৱা গাঁও।ডিব্ৰুগড জিলাৰ এই গাঁওখন ভিতৰুৱা যদিও গাঁওখনৰ সৌন্দৰ্য্য চাবলৈ যথেষ্ট পৰ্যটকৰ সমাগম হৈছে।ইয়াৰ মূল কাৰণ কি’ জানেনে?গাঁওখনৰ উদ্যমী যুৱক দীপাংকৰ হাজৰিকাই এমুঠি নৱপ্ৰজন্মক লৈ গাঁওখনৰ উত্তৰণৰ হকে বিভিন্ন ধৰণৰ কাম কৰিছে।জানি সুখী হ’ব যে তেখেতৰ প্ৰচেষ্টাত গাঁওখনত ষ্ট্ৰীট লাইট হৈছে,শিশুসকলৰ মনোৰঞ্জনৰ বাবে এখন উদ্যান প্ৰতিষ্ঠা কৰিছে আৰু ৰাস্তা ঘাটৰ সৌন্দৰ্য্য বৰ্দ্ধনৰ কাৰণে বিভিন্ন প্ৰচেষ্টা হাতত লৈছে।উল্লেখ্যযোগ্য যে ইতিমধ্যে গাঁওখনে স্বচ্ছতাৰ বাবে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।এইক্ষেত্ৰত সহায় কৰিছে,গাঁওখনৰ মদন হাজৰিকা নামৰ ব্যক্তিজনে।উন্নতমানদণ্ডৰ শৌচালয়,ষ্টেজ নিৰ্মাণৰ পৰা আৰম্ভ কৰি বৰ্তমান পানী যোগানৰ আচঁনিলৈকে সকলো সুবিধা পাবলৈ সক্ষম হৈছে।এন ই ফ’কাচৰ সৈতে হোৱা এক সাক্ষাৎকাৰত দীপাংকৰ হাজৰিকাই কয় যে চিকিম আৰু মেঘালয় ভ্ৰমণ কৰি হোৱা অভিজ্ঞতাৰ ভিত্তিতে আমাৰ গাঁওখন এনেদৰে সজাই তোলো।এতিয়াও বহু কাম কৰিবলৈ বাকী আছে।আশা কৰিছোঁ অহা বছৰৰ জানুৱাৰী মাহত সকলো কাম সম্পূৰ্ণ হৈ উঠিব।আৰু পৰ্যটক সকলেও গাঁওখন চাবলৈ আহিব।স্মৰ্তব্য যে প্ৰথম অৱস্থাত দীপাংকৰ হাজৰিকাই নিজৰ অৰ্থেৰে এই কাম আৰম্ভ কৰিছিল।দীপাংকৰ হাজৰিকাৰ এই পদক্ষেপক সচেতন মহলে শলাগ লৈছে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা