আজি কালি ম’বাইল সকলোৱে ব্যৱহাৰ কৰে।অসমীয়া সংস্কৃতিৰ এপদ বস্তু প্ৰতিজন অসমীয়াই যাতে ব্যৱহাৰ কৰিব পাৰে,সেই উদ্দেশ্য আগত ৰাখি গামোচাৰে ম’বাইল কভাৰ বনালো।এই মন্তব্য পুৰস্ক জ্যোতি নাথৰ।অলপতে গামোচাৰ ম’বাইল কভাৰ প্ৰস্তুত কৰি শদিয়াৰ পৰা ধুবুৰীলৈ জনপ্ৰিয় হৈ পৰিছে এই মৰিগাঁৱৰ এই বিশেষ উদ্যমীজন।এন ই ফ’কাচ ডট কমৰ সৈতে হোৱা এক বাৰ্তালাপত উদ্যমীজনে এনেদৰে কয়-মই প্ৰথমে চ’চিয়েল মেডিয়াৰ জৰিয়তে জনপ্ৰিয় হৈ পৰো।ইয়াৰ পিছতেই অসমৰ বিভিন্ন জিলাৰ পৰা গামোচাৰ ম’বাইল কভাৰ বিচাৰি যোগাযোগ কৰিছে।প্ৰতিটো ম’বাইল ক’ভাৰৰ নুন্যতম মূল্য ২০০টকাৰ পৰা আৰম্ভ হৈছে।যি সময়ত বৰ্হিৰাজ্যৰ নানা ৰং বিৰঙৰ সা সামগ্ৰীয়ে বজাৰ দখল কৰিবলৈ সক্ষম হৈছে।সেই সময়ত অসমীয়া উদ্যমীজনৰ এই প্ৰচেষ্টাক সচেতন মহলে শলাগ লৈছে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud