ৰাজ্যৰ আন জিলাৰ লগতে কামৰূপ জিলাতো কৃষকসকলে হাঁহপালন কৰি যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে আজাৰা কাঁহিকুছিত কৃষি বিজ্ঞান কেন্দ্ৰই কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে।এই পদক্ষেপৰ অংশ হিচাপে ৩ ডিচেম্বৰত কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ ৰাধাকুছিত স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য সাৰথিৰ সহযোগত হাঁহপালন বিষয়ক এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ ইনাক্ষী ডেকাই হাঁহপালন সন্দৰ্ভত বাখ্যা দাঙি ধৰি ‘ডি গোভা চুপাৰ এম’ নামৰ উন্নত জাতৰ হাঁহবিধ বৈজ্ঞানিকভাবে পালন কৰি আৰ্থিকভাৱে লাভৱান হ’ব পাৰি বুলি মন্তব্য কৰে ।অনুষ্ঠানত জিলা পৰিষদৰ সদস্যা ৰীণা পাটোৱাৰী,গ্ৰাম্য সাৰথিৰ উপদেষ্টা ৰমেন বৰুৱা,স্থানীয় হাঁহ পালক ৰিদিপ ডেকাই চমুকৈ হাঁহপালনেৰে স্বাৱলম্বী হ’বলৈ সকলোকে আহ্বান জনায়।অনুষ্ঠানটোত ৬০ গৰাকীতকৈ অধিক কৃষক,হাঁহ পালকে ভাগ লয়।
Trending
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis