ৰাজ্যৰ আন জিলাৰ লগতে কামৰূপ জিলাতো কৃষকসকলে হাঁহপালন কৰি যাতে আৰ্থিকভাৱে স্বাৱলম্বী হ’ব পাৰে তাৰ বাবে আজাৰা কাঁহিকুছিত কৃষি বিজ্ঞান কেন্দ্ৰই কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে।এই পদক্ষেপৰ অংশ হিচাপে ৩ ডিচেম্বৰত কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ সমীপৰ ৰাধাকুছিত স্বেচ্ছাসেৱী অনুষ্ঠান গ্ৰাম্য সাৰথিৰ সহযোগত হাঁহপালন বিষয়ক এক সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত হয়।অনুষ্ঠানটোত সমল ব্যক্তি হিচাপে ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ ইনাক্ষী ডেকাই হাঁহপালন সন্দৰ্ভত বাখ্যা দাঙি ধৰি ‘ডি গোভা চুপাৰ এম’ নামৰ উন্নত জাতৰ হাঁহবিধ বৈজ্ঞানিকভাবে পালন কৰি আৰ্থিকভাৱে লাভৱান হ’ব পাৰি বুলি মন্তব্য কৰে ।অনুষ্ঠানত জিলা পৰিষদৰ সদস্যা ৰীণা পাটোৱাৰী,গ্ৰাম্য সাৰথিৰ উপদেষ্টা ৰমেন বৰুৱা,স্থানীয় হাঁহ পালক ৰিদিপ ডেকাই চমুকৈ হাঁহপালনেৰে স্বাৱলম্বী হ’বলৈ সকলোকে আহ্বান জনায়।অনুষ্ঠানটোত ৬০ গৰাকীতকৈ অধিক কৃষক,হাঁহ পালকে ভাগ লয়।
Trending
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা
- আজাৰা সাহিত্য সভাৰ ফেচবুক পৃষ্ঠা উন্মোচন
- অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পদক্ষেপ
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন