ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে উত্তৰ পূৱৰ ৰাজ্যসমূহৰ মাজত উড়ান আঁচনিৰ অধীনত বায়ু যাতায়ত ব্যৱস্থা উন্নত কৰাৰ লক্ষ্যৰে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে।এই পদক্ষেপৰ অংশ হিচাপে শনিবাৰৰ পৰা গুৱাহাটী-ডিমাপুৰ-ইম্ফলৰ মাজত এলায়েঞ্চ এয়াৰৰ বিমান সেৱা আৰম্ভ কৰা হৈছে।শনিবাৰে ডিমাপুৰ বিমান বন্দৰত এই বিমান সেৱা উদ্বোধন কৰে নাগালেণ্ড চৰকাৰৰ পৰিবহন আৰু অসামৰিক মন্ত্ৰী পাইৱাং কন্যাকে।অনুষ্ঠানত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূৱ মণ্ডলৰ মহাপ্ৰৱন্ধক কৌশল কুমাৰ,ডিমাপুৰ বিমান বন্দৰৰ সঞ্চালক এম জিম্বো,এলায়েঞ্চ এয়াৰৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি কেইবাগৰাকী বিষয়া উপস্থিত থাকে।উল্লেখ্য সপ্তাহত তিনিদিন ক্ৰমে বুধবাৰ,শুকুৰবাৰ আৰু দেওবাৰে চলাচল কৰিবলগীয়া ৭০ খন আসনযুক্ত এলায়েঞ্চ এয়াৰৰ বিমানখন তিনিদিনতে পুৱা ৮ বজাত বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰৰ পৰা ডিমাপুৰলৈ যাত্ৰা কৰিব আৰু ৮.৫৫ বজাত গৈ ডিমাপুৰ পাব।তেনেদৰে ডিমাপুৰৰ পৰা পুৱা ৯.২০ বজাত ইম্ফললৈ যাত্ৰা কৰিব আৰু ১০.১০ বজাত গৈ ইম্ফল পাব।তেনেদৰে ইম্ফলৰ পৰা ১০.৩৫ বজাত যাত্ৰা কৰা বিমানখন আহি ১১.২৫ বজাত আহি ডিমাপুৰ পাব আৰু ডিমাপুৰৰ পৰা ১১.৫০ বজাত গুৱাহাটী অভিমুখে যাত্ৰা কৰি দুপৰীয়া ১২.৪৫ বজাত আহি বৰঝাৰ বিমান বন্দৰত অৱতৰণ কৰিব।বিমান ভাড়া ১৮০০ টকাৰ পৰা ১৯০০ টকাৰ ভিতৰত হ’ব বুলি এলায়েঞ্চ এয়াৰৰ বিষয়াই জানিবলৈ দিয়ে।
Trending
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud