চৰকাৰৰ উদ্যোগত তথা বাণিজ্য বিভাগৰ বিপনী আঁচনিৰ অধীনত আৰু ধাৰাপুৰ স্নেহ গ’ল্ড ফাউণ্ডেচনৰ সহযোগত বিগত ৬ ডিচেম্বৰৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে ধাৰাপুৰ স্কুল খেলপথাৰত অনুষ্ঠিত হোৱা বাণিজ্য মেলাৰ প্ৰদৰ্শনীৰ আজি সফল সামৰণি পৰে।ধাৰাপুৰ স্কুল খেলপথাৰত প্ৰথমবাৰৰ বাবে বাণিজ্য বিভাগৰ উদ্যোগত অনুষ্ঠিত বাণিজ্য মেলাখনে ক্ৰেতা দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰা পৰিলক্ষিত হয়।বাণিজ্য মেলা পৰিচালনা সমিতিৰ সভাপতি গৌতম দাস,সম্পাদক কুশল চন্দ্ৰ কলিতা আৰু সাধাৰণ সম্পাদক হেমন্ত কলিতাই এই সন্দৰ্ভত জানিবলৈ দিয়া মতে বাণিজ্য মেলাখনত ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰ মুঠ ৮২ টা বাণিজ্যিক বিপনীয়ে অংশগ্ৰহণ কৰে।খাদ্যসামগ্ৰী,বস্ত্ৰসম্ভাৰ,ঘৰুৱা আঁচ-বাব,প্ৰসাধন সামগ্ৰীকে ধৰি বিভিন্ন সা-সামগ্ৰী উপলব্ধ হোৱা বাণিজ্য মেলালৈ প্ৰতিদিনে যথেষ্ট লোকৰ সমাগম ঘটে।ইপিনে বাণিজ্য মেলাৰ সৈতে সংগতি ৰাখি আধুনিক গীত,একক আধুনিক নৃত্য,চিত্ৰাংকন আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়।আধুনিক গীত প্ৰতিযোগিতাৰ ক শাখাত গুনগুন কাশ্যপে প্ৰথম,ভাস্বতী ৰাজবংশীয়ে দ্বিতীয় আৰু আকাংক্ষা শৰ্মাই তৃতীয় স্থান লাভ কৰে।আনহাতে খ শাখাত নিৰ্মালী দাসে প্ৰথম,কৃতিকা নাথ আৰু ৰিম্পী কলিতাই যুতীয়াভাৱে দ্বিতীয় আৰু দেৱাস্মিতা কাশ্যপে তৃতীয় স্থান লাভ কৰে।একক আধুনিক নৃত্য প্ৰতিযোগিতাত ক শাখাৰ প্ৰথম বনাশিখা দত্ত আৰু নম্ৰতা শৰ্মাই দ্বিতীয় আৰু কৃতিকা কলিতাই তৃতীয় স্থান লাভ কৰাৰ লগতে খ শাখাৰ নেহা জেচিয়ে প্ৰথম,স্নেহা কৰে দ্বিতীয় আৰু ভায়েলিনা দাসে তৃতীয় স্থান অৰ্জন কৰে।তদুপৰি চিত্ৰাংকন প্ৰতিযোগিতাত বিশ্বজিৎ দাসে প্ৰথম,গীতাৰ্থ কলিতাই দ্বিতীয় আৰু ফাৰিদা চুলতানাই তৃতীয় স্থান লাভ কৰে।লগতে দিহানাম প্ৰতিযোগিতাত আজাৰাৰ মহামায়া নামতী দলে প্ৰথম,ধাৰাপুৰৰ নিজৰা কলিতাৰ দলে দ্বিতীয় আৰু মাজৰগাঁৱৰ যামিনী কলিতাৰ দলে তৃতীয় স্থান অৰ্জন কৰে।উল্লেখ্য যে এম.বি বিপনী উদ্যোগে প্ৰথম,মা শিলু ক্ষুদ্ৰ উদ্যোগ,পল্লবী ক্ৰিয়েচন আৰু শেৱালি উদ্যোগে যুটীয়াভাৱে দ্বিতীয়,হাইদৰ কেন এণ্ড বেম্ব’ ইণ্ডাষ্ট্ৰী আৰু অমিয়া ইণ্ডাষ্ট্ৰীয়ে যুটীয়াভাৱে তৃতীয় শ্ৰেষ্ঠ বাণিজ্যিক বিপনীৰ বঁটা লাভ কৰে।স্নেহ গ’ল্ড ফাউণ্ডেচনৰ উদ্যোগত অনুষ্ঠিত বঁটা বিতৰণী সভাত শ্ৰেষ্ঠ প্ৰতিযোগী ফলক বঁটা আৰু মানপত্ৰ প্ৰদান কৰা হয়।উল্লেখ্য বাণিজ্য মেলাৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত বৰ্ণময় সাংস্কৃতিক অনুষ্ঠানত অদিষ্ণা ৰাজবংশী,জ্ঞানশংকৰ বৰুৱা,জিলমিল ৰূপালী জোনাক,লতিকা দাস আৰু মিচ গাৰ্গীয়ে সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।
Trending
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত
- সুধাকণ্ঠ ড০ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত ৪জুনত মূল সমিতিৰ প্ৰথম খন সভা অনুষ্ঠিত
- DoHUA Minister Jayanta Mallabaruah Inspects Flood-Affected Areas in Guwahati
- বি এ আই চিৰ উদ্যোগত প্ৰদৰ্শনীমূলক মেলা আয়োজন