ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত আজি আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্র আৰু ৰাণী সামূহিক কেন্দ্ৰত দুখন এম্বুলেঞ্চ প্ৰদান কৰা হয়।এই এম্বুলেঞ্চ সেৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই।এই উপলক্ষে আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত আয়োজিত সভাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি সাংসদ কুইন ওজাই ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ বিষয়ে আলোকপাত কৰে।ডাঃ নৰেণ শৰ্মা বৰদলৈৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত কামৰূপ জিলাৰ উপায়ুক্ত কমল বৈশ্য,জিলা উন্নয়ণৰ বিষয়া টংকেশ্বৰ দাস,ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ-পূবৰ কেন্দ্রীয় সঞ্চালক সঞ্জীৱ জিন্দাল,বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰ,কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক নৰেণ সিং টিচু,আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ ধ্ৰুৱজ্যোতি বৰুৱা,ৰাণী মণ্ডল বিজেপিৰ সভাপতি প্ৰশান্ত মহন্ত,আজাৰা গাঁও পঞ্চায়তৰ সভানেত্রী কবিতা বড়ো ৰংপিৰ উপৰিও আজাৰা প্ৰাথমিক স্বাস্থ্যকেন্দ্রৰ সমূহ চিকিৎসক আৰু চিকিৎসাকৰ্মী সকল উপস্থিত থাকে।
Trending
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan