গুৱাহাটীৰ বেলতলা বশিষ্ঠপুৰৰ পাছপ’ৰ্ট কাৰ্যালয়ৰ সমীপত আজি এক বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়।উল্লেখ্য যে মাৰোৱাৰী হস্পিতালে উত্তৰ পূব ক্ষুদ্র বিত্তীয় বেংকৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ণ কৰে।এই শিবিৰত মাৰোৱাৰী হস্পিতালৰ জ্যেষ্ঠ চিকিৎসক ডাঃ বিপুল কুমাৰ বৰুৱা আৰু ডাঃ শংকৰ বৰাই ১০৫ জনতকৈ অধিক ৰোগীক বিনামূলীয়া চিকিৎসা সেৱা আগবঢ়ায়।বিশেষকৈ ৰোগীসকল জ্বৰ,কাঁহ,গা আৰু গাঠিৰ বিষ,পেটৰ বিষ,ডায়েবেটিচ ইত্যাদি ৰোগত আক্রান্ত হোৱা ২০ জন ৰোগী এই শিবিৰত ই চি জি পৰীক্ষণ কৰা হয়।ইয়াৰোপৰি ৰোগীসকলক বিনামূলীয়া ঔষধ,ডায়েবেটিচ পৰীক্ষণ,ৰক্তচাপ পৰীক্ষণ,ওজন জোখাৰ লগতে বিনামূলীয়া ডাক্তৰৰ পৰামৰ্শ প্ৰদান কৰে।উল্লেখযোগ্য যে এনেধৰণৰ বিনামূলীয়া শিবিৰে সমাজলৈ সদায় এক সুস্থ বাৰ্তা কঢ়িয়াই আনে।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন